সম্পাদকীয়- পঞ্চম বৰ্ষৰ ২য় সংখ্যা

Rinku Rajowar
0
ম'বাইল ফোনৰ আসক্তিয়ে ভবিষ্যৎ অসুন্দৰ কৰে

সময় গতিশীল। সেয়ে সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাওঁ‌তে বিভিন্ন সময়ত আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগীয়া হয়। আজিকালি ল'ৰা-ছোৱালীবোৰ আৰু বেছিকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। কেৱল ইমানেই নহয় ভয়-ভক্তি, মান-সন্মানৰ কথা অলপো চিন্তা নকৰি অনৈতিক কাৰ্যত লিপ্ত হৈছে। তাৰ মূল কাৰণ বুলি মই ম'বাইলকে বিশেষকৈ দায়ী বুলি ক'বলৈ নাযাওঁ কিন্তু ম'বাইল ফোনৰ অতিৰিক্ত ব্যৱহাৰে সুন্দৰ ভৱিষ্যৎ যে অসুন্দৰ কৰিছে সেই কথা দৃঢ়তাৰে ক'বলৈ ভাল পাইছোঁ। 
       আজিকালি বাটে-ঘাটে দেখা যায় যে প্ৰায় সংখ্যক যুৱকৰ আলোচনাৰ বিষয় বিভিন্ন গেম। কোনে কি ৰেংকত খেলি আছে তাতে স্বৰ্গ সুখ লভে। অনাগত সময়ত সেই গেমেই যে জীৱনৰ প্ৰত্যাহ্বান হৈ থিয় দিব কাৰোৰে ভ্ৰূক্ষেপ নাই। কেৱল সেয়াই নহয় কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই কথাও দিনক দিনে পাহৰি যাবলৈ আৰম্ভ কৰিছে।
        ম'বাইল ফোনৰ অতিৰিক্ত ব্যৱহাৰে কাক কেনেদৰে ক্ষতি কৰি আহিছে তাক আৰু বিতংকৈ আলোচনা কৰাৰ প্ৰয়োজন-
     (ক) ম'বাইল ফোনৰ প্ৰতি অধিক আকৰ্ষিত যুৱকে নিজকে ধ্বংস কৰি আছে। নিজৰ কাম এৰি ম'বাইল ফোন ব্যৱহাৰ কৰিবলৈ যাওঁতে কৰণীয় বহু কাম বাদ পৰি ৰৈছে।
    (খ) ম'বাইল ফোনৰ আসক্তি বেছি হ'লে পঢ়া-শুনাৰ প্ৰতি ধাউতি কমি আহে। তেনে যুৱক-যুৱতীয়ে কৃতকাৰ্য হ'ব নোৱাৰে। 
    (গ) কম বয়সৰ যুৱক-যুৱতীয়ে বেছিকৈ ম'বাইল ফোন ব্যৱহাৰ কৰি নিজৰ কেৰিয়াটোৰ বাবে বিপদ নমাই আনিছে। 
     মুঠতে এনে ধৰণৰ অনেক ক্ষতিকাৰক কাৰণে আমাক নিঃশেষ কৰি আহিছে। 

     জীৱনটো এবাৰেই পাওঁ। গতিকে জীৱন গঢ়াৰ সময়ত নেতিবাচক কামবোৰ কেতিয়াও আমি কৰিব নালাগে। বিশেষকৈ সন্তানৰ হাতত এটা নিৰ্দিষ্ট বয়সৰ আগলৈকে কোনো কাৰণতে ম'বাইল ফোন হাতত তুলি দিব নালাগে। আৰু  নৱপ্ৰজন্মই এই কথা নিজেই উললব্ধি কৰিব লাগে। কোনো বস্তুৱেই জোখতকৈ ভাল নহয়। এটা জোখতহে ম'বাইল ফোন ব্যৱহাৰ কৰিব লাগে। অন্যথা সুন্দৰ ভৱিষ্যৎ অসুন্দৰ হোৱাটো নিশ্চিত !

পৰেশ দাস
সম্পাদক 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)