নিশব্দ জালত জোনাক -দৃলীনা দাস

©Admin
0
বহুত দিন হ'ল 
কবিতাৰ প্ৰেমত নপৰা। 
আজিকালি দেখুন 
আজৰি নোহোৱা হ'ল 
তোমাৰ শব্দৰ প্ৰেমত
পৰিবলৈ।
তুমি তুমি লগা 
কথাবোৰ এতিয়া 
নিশব্দ হ'ল ,
ক্ৰংকৃতিৰ পৃথিৱীত 
কলা ডাৱৰে ঠাই ল'লে ,
সময় বোৰে যেন 
উপহাস কৰে 
যন্ত্ৰণাই বুকুৰ 
কোনোবা এটা 
কোনক চেপি উলিয়াই
দিছে অশ্ৰু এধাৰি । 

✍️দৃলীনা দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)