সপোনৰ কোলাত,
দুখ-ভাগৰ বোৰ নেওচি
সময়ৰ সোঁতত।
বেলি উদয়ৰ পৰা অস্তলৈ
প্ৰতি নিশাৰ পৰা দিনটোলৈ,
জীৱনৰ প্ৰতিখিলা পাতত
অনুভৱী হিয়াখনত।
জীৱনৰ প্ৰতিটো মূহুৰ্ত্ত
সমানে ভগাই লোৱাৰ প্ৰতিশ্ৰুতিত,
আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিত।
বছৰ পিছত বছৰ ধৰি,
মুখত হাঁহিৰ বিৰিঙনিৰে,
সদায় থাকিম যেন কাষত।
শেষ নিশ্বাস থকালৈ,
জীৱনে - মৰণে,
জনমে জনমে।
কেৱল আপোনাৰেই হৈ ,
সদায় থাকিম কাষত ৷৷
✍️ সুৱৰ্ণ বৰুৱা
নামৰূপ(অসম)
কবিতাবোৰ পঢ়ি বৰ ভাল লাগিছে।মই শেয়াৰ কৰিছোঁ
ReplyDelete