হৃদয়ত প্ৰেমৰ কথোপকথন - নিপু কুমাৰ দাস

©Admin
0
কথাবোৰৰ মাজত তুমি নাযাবা চোন সোমাই ,
নিজান পৰত যেন গভীৰ পৰা গভীৰতা লৈ।
কথাবোৰেই কৰিছেহি তোমাৰ অতীত ৰোমন্থন  ,
কিছু কথাৰ ইতিহাস যেন স্মৃতি হৈ সোঁৱৰাই।
কথনবেলা কথাৰ মাজতেই পৰিবলে সোমাই  ,
জীৱন লগৰী হোৱাৰ বাসনাত ৰিক্ত হৃদয়ত  ।
সোমাই যোৱা নাছিলো মই তুমি কোৱাৰ দৰেই ,
কথাবোৰৰ যেন গভীৰতাৰ মাজৰ গভীৰ হৈ।
মৌন মৌনতাৰেই মৌন হৈ কিয় গ'লা আঁতৰি ,
বুকুত সৰাপাতৰ জৰ্জৰনিত বিষাদ যন্ত্ৰণা ।
কথাৰ সিন্ধুমতী হৈ যেন কথাতে মৌন তুমি  ,
প্ৰণয়ৰ নিদাৰুণ ধূসৰ ছবি হৃদয়তে আঁকি গ'লা ।
ফাগুন তুমিয়ে ৰং চতিয়াই দিলা উন্মনা যৌৱনত ,
ফুলিল কৃষ্ণচূড়া হৃদয়ত বসন্তৰ সুৰভি বিলাই ।
প্ৰেমৰ অনুভূতি গান হৈ বাজে বিষাদৰ অনুৰাগত,
যৌৱনৰ বাসনা পূৰ্ণ নহ'ল হৃদয়ৰ মৌবনত।

                        
✍️নিপু কুমাৰ দাস 
কাজিপাৰা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)