আপোন বন্ধু••জ্যোতিষ্ক বৰুৱা

Unknown
0
অপু আৰু দীপু  শৈশৱৰ পৰাই দুয়ো  নলে-গলে লগা বন্ধু ৷ ইজনে সিজনৰ মাজত ঘৰৰ ব্যৱধানো বৰ বেচি নহয় ৷ প্ৰাথমিক বিদ্যালয়ৰ পৰা স্নাতোক্তৰ পৰ্যালয়লৈকে একেলগে পঢ়িছে ৷ পঢ়া শেষ কৰি়য়েই ভাগ্যক্ৰমে দুয়ো চাকৰি পালে ৷ দুলিয়াজানতে স্থিত অপুৱে অসম গেছ কোম্পানীত আৰু দীপুৱে দুলিয়াজান অইল ইণ্ডিয়াত ৷ চাকৰি সূত্ৰে দোয়ো চাকৰীয়াল আৱাস গৃহত থাকিৱলৈ ললেও সিহঁতৰ মিলা-প্ৰীতি আৰু বন্ধুত্ব আগৰ দৰেই চলি থাকিল ৷ দুয়ো চাকৰি কৰা তিনিমাহ মানৰ পিছত  একেদিনাই একোখনকৈ বিলাসী গাড়ীও কিনিলে ৷  বিয়া বাৰু পাতিলে ৷ বিয়াতো ইজন সিজনৰ দৰা-ধৰা হৈ সংগ দিলে ৷ এনেদৰে ইজনে সিজনৰ মাজত 
অহা-যোৱা,খোৱা-বোৱা,সকলোবোৰ চলি থাকিল ৷ সময়ত দুয়োটাৰে লৰা- ছোৱালীৰে ঘৰখন ভৰি পৰিল ৷ সিহঁত দুটাৰ ল'ৰা-ছোৱালী স্কুলত দিয়াৰ পৰা কলেজ পোৱালৈকে সকলো ঠিকেই চলি থাকিল ৷ দীপুৰ ছোৱালী অনন্যাৰো চাকৰি হল ৷ দেউতাকৰ দৰে তাইয়ো অইল ইণ্ডিয়াৰ চাকৰিয়াল হলগৈ ৷ চাওঁতে চাওঁতে তাইৰ বিয়াৰ বন্দোবস্ত অইলৰ এজন ভাল ইঞ্জিনিয়াৰৰ লগতেই হল ৷ দীপুৰ হৃদয়খন আনন্দত কব নোৱাৰা হৈ পৰিল ৷ কি কৰিম নকৰিম কৈ বন্ধুৱেক অপুলৈ ফোন কৰিলে "ক'ত আছ' তই, সোণকালে আহচোন আমাৰ ঘৰলৈ ৷ এটা ভাল খৱৰ আছে ৷ " 
ফোনটো  কাটিয়েই অপুৱে দীপুৰ কলনিৰ কোৱাটাৰ গৈ ওলালগৈ ৷ দীপুৱে তাক সকলো কথা বিবৰি কলে ৷
আৰু কলে লৰাটো ভাল ৷ অহা মাহতেই আমি সন্মতি দিলে বিয়া খন পাতিয়েই পেলাৱ হেনু ৷ আমাৰ তাইয়ো তাক বহুদিনৰ পৰাই চিনি পায় ৷ একেটা ডিপাৰ্টমেন্টতে চাকৰি কৰে ৷ সেয়ে ইটোৱে সিটোৰ লগত কথা -বতৰাৰ মাজেৰে বন্ধুত্ব হল, ইজনে সিজনক পচন্দও হ'ল ৷
গতিকে অপু মই ভাৱিছো অহা মাহত বিয়া খন হৈ যাওক ৷ তই বা কি কৱ  ?
অপুৱে তাৰ কথাত সন্মতি দিলে ৷ 

অপু তোক বিয়াৰ  যাৱতীয় কাম কাজ,বস্তু বাহনি  ইত্যাদি অৰ্ডাৰ দিয়াৰ দায়িত্বটো তোকেই দিলো ৷ সোণৰ অলংকাৰ,বিচনা,ডাইনিং,চোফা ইত্যাদি বোৰ তয়েই ভাল দোকান চায় অৰ্ডাৰ দি আহিৱি ৷ মই বিয়াত মানুহ মতা কামটো,পেণ্ডেল বিচাৰি ফুৰা ইত্যাদি কামত ঘূৰোতে সময়েই নাপাম ৷
 অপুৱে কলে হৱ আক ৷ গডৰেজ,ডিভান আৰু সোণৰ অলংকাৰ কেইপদ মোৰ ফালৰ পৰা উপহাৰ হিচাপে তাইলৈ দিম ৷  
বিয়াৰ দিন চাপিৱলৈ ললে ৷ ইজনে সিজনৰ ঘৰলৈ ঘনাই অহা যোৱা চলিল ৷ অপুৰ কিছু অহাত দেৰি হলেই দীপুৱে তাৰ ঘৰ পায়গৈ ৷ বিয়াৰ সকলো যোগাৰ হলগৈ ৷ অপুৱে  অলংকাৰ কেইপদ আনি দীপুৰ হাতত দিলেহি ৷ বাকী থকা সি দিম বুলি কোৱা গডৰেজ আৰু ডিভানখন বিয়াৰ আগদিনাখনহে দিৱ বুলি দীপুক জনালে ৷ অলংকাৰ,গডৰেজ,ডিভানৰ পইচা তই মোক দিৱ নালাগে দীপু ৷ তোৰ ছোৱালীলৈ মোৰ এইকেইটা মৰমৰ উপহাৰ ৷ বাকী কেইপদ বস্তুৰ পইচাখিনি দিলেই হৱ ৷ 
অপুৱে বিয়াৰ আগদিনাখন ডিভান আৰু গডৰেজ আনিৱলৈ দোকান পালেগৈ ৷ দিৱলগীয়া পইচা কেইটা দোকানীক দি সি গাড়ীত বস্তু কেইপদ ভাড়া গাড়ী এখনত লোড কৰিৱলৈ লগাই দিলে ৷ এনেতে তাৰ মোৱাইলৰ ৱাটচ্ আপত ভুটুংকৈ এটি মেচেজ আহিল ৷ খুলি চাই দেখিলে দীপুৱে দিছে …আৰে এইখন দেখুন অনন্যাৰ বিয়াৰ কাৰ্ড  ৷ কাৰ্ডৰ তলত মেচেজত লিখিছে বেয়া নেপাবি বন্ধু তোৰ ঘৰত গৈ নিমন্ত্ৰন দিৱ সময় নাপায় বিয়াৰ কাৰ্ডখন মোবাইলতে দিলো ৷ 
মেচেজ আৰু কাৰ্ডটো পায় অপুৰ দীপুলৈ খং উঠিল ৷ মোকনো সি মাতিৱ লাগেনে ৷ মই দেখুন তাৰ লগত,তাৰ ঘৰত সদায় অহা যোৱা কৰি আছো ৷ তাকো বিয়াৰ আগদিনা ৷ মই দেখুন তাহাঁতৰ বিয়াৰ বাবে আজিও ঘূৰি ফুৰিছো ৷
তাকো এসেকা দিম ৰবি ৷ গডৰেজ আৰু ডিভান খন বিয়াৰ ঘৰলৈ নি নি অপুৰ নিজা ঘৰলৈ লৈ গ'ল ৷ গাড়ীৰ পৰা বস্তু কেইপদ নমাই বাৰান্দাত নমাই  বস্তু দুপদৰ ফটো দুকপি মান তুলি দীপুলৈ প্ৰেৰণ কৰি লিখিলে বন্ধু তোমাৰ ছোৱালীৰ বিয়াৰ নিমন্ত্ৰণী কাৰ্ড খন এইমাত্ৰ ৱাটচ্ আপত পালো ৷ তোমাৰ দৰে মোৰো সময়ৰ অভাৱৰ বাবে মই দিব খুজা বস্তু কেইপদো ৱাটচ্ আপতে প্ৰেৰণ কৰিলোঁ ৷
মেচেজ গৈ দীপুৰ মোবাইলত সোমাল ৷ মেছেজ চাই দীপুৰ যেন সম্বিৎ ঘূৰি আহিল ৷ অহ সি তাৰ মানে মোৱাইলত নিমন্ত্ৰণ দিয়া বাবে বেয়া পালে ৷ মই এতিয়াই যাওঁ তাৰ ঘৰলৈ ৷ এইবুলি ভাবি বাইকখন লৈ তাৰ ঘৰ ওলালগৈ ৷ গেট খটং কৈ শব্দ কৰাত অপুৱে তাক খিৰিকীৰে দেখা পালে ৷ আহিয়েই তাক মাতিবলৈ লাগিল ৷ অপুৱে ভিতৰৰ ওলাই আহি তাক বহিবলৈ দিলে ৷ দুয়ো বহিল ৷ মাতবোল ক্ষনিক সময় বাবে কাৰোৰ মাজত নাই ৷ কি কৰো নকৰো কৈ দীপুৱে অপুক কাৰ্ড এখন উলিয়াই তাক কলে মই তোক তেনেকৈ নিমন্ত্ৰন দিয়া বাবে বেয়া পাই নাথাকিৱি ৷ এইখন ল' তোৰ কাৰ্ড ৷

    অপুৱে তাক কলে  মোবাইলতে হওক বা ঘৰতেই আহি হওক, তই মোক কিয় মাতিৱ লাগে বিয়ালৈ ৷  সৰুৰে পৰা একে লগে ডাঙৰ দীঘল,পঢ়া-শুনা সকলো একেলগে ৷ ককাই-ভাই,বন্ধু-বান্ধৱৰ দৰে ইটোৱে সিটোৰ লগত সদায় থাকো ৷তোক কেৱল  বন্ধু বুলিয়েই নহয় নিজৰ ঘৰখনৰ ভাই ককাই দৰে এজন সদস্যৰ দৰে ভাৱো ৷ সদায় দেখুন তোৰ ঘৰখনত মই ভাই ককাইৰ দৰে আৰু মোৰ ঘৰত তই ভাই ককাইৰ দৰে অনবৰত ছাঁটোৰ দৰে লাগিয়েই থাকো ৷ এনেকুৱা এটা সমন্ধৰ মাজত কিয় তই মোক নিমন্ত্ৰন দিৱ লাগে ৷ তই নেমাতিলেও যাম ৷ বিয়াৰ দিন ধৰাৰ পৰা সকলো সময়ত দেখুন তোৰ লগতে ৷ তই মোক নিজৰ বুলি নাভাৱ নেকি  ???? এনেকুৱা নকৰিবি মই মনত বৰ দুখ পাওঁ দীপু ৷ অপুৰ মাতষাৰ থুকাথুকি হৈ পৰিল ৷ 
দীপুৱে তাক গৈ সাৱটি ধৰিলে ৷ মোক ক্ষমা কৰি দে তই ৷ মোৰ ভুল হৈছিল ৷

"হৱ আৰু দে" মই তোক একো বেয়া পোৱা নাই ৷ আৰু এনেকুৱা কাম মোৰ লগত অন্তত: কেতিয়াও  নকৰিবি ৷ তোৰ ছোৱালীৰ উপহাৰ মই বিয়াৰ দিনা দৰা ঘৰলৈকে কইনা থৱলৈ যাওঁতে নিজেই একেবাৰে গৈ দি  আহিমগৈ ৷ তই একো  চিন্তা নকৰিবি ৷
এনেতে অপুৰ পত্নীয়ে দুয়োকে চাহ দি গ'ল ৷ আৰু কলে আমি দুয়ো আপোনালোকৰ ঘৰলৈকে যাৱলৈ ওলাইছিলো ৷ আপুনি নহা হলে ইমানপৰে গৈ পালোগৈ হয় ৷ বিয়া ঘৰত বহুত কাম কাজ পৰি আছে সেইখিনিকে চিজিল কৰিৱ ওলাইছো ৷

            দীপুৱে চাহ কাপ খাই কলে "ব'লা তেতিয়াহলে, মইয়ো দেৰি নকৰো ৷" তোমালোক আহিবা ৷ মই গৈ থাকো তেন্তে ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)