ৰাতিপুৱা সোনকালেই শুই উঠি দোকানখন চাফ চিকুণ কৰি নিৰ্মল কুমাৰে ঘৰলৈ গ'ল । দোকান খোলা দিন ধৰি সি দোকানৰ ভিতৰতে ৰাতি থকাৰ ব্যৱস্থা কৰি লৈছিল । ৰাতিপুৱা শুই উঠিয়েই ঘৰলৈ গৈ গা পা ধুই বাইকখন লৈ পুনৰ দোকানলৈকে উভতি আহে । ভাত খাবলৈ কেতিয়াবা ঘৰলৈ যায় আৰু কেতিয়াবা দোকানলৈ পাটলিয়ে লৈ আহে । তাতে খায় । দোকানৰ বস্তু আনিবলৈ চাৰিআলিলৈ যোৱাৰ সময়ত ঘৈণীয়েক পাটলিয়ে মাজে মাজে দোকানত বহে । গোমতি দোকান চলাব পৰা হৈছিলগৈ যদিও এতিয়াও গেলামালৰ সামগ্ৰী সমূহ বেচা দাম তাই ভালদৰে জনা হোৱা নাছিল । গতিকে গেলামালৰ সামগ্ৰী বিক্ৰী কৰিবলৈ নিৰ্মল কুমাৰে এখন বহীত দাম সমূহ লিপিবদ্ধ কৰি লৈছিল যাতে একো অসুবিধা নহয় ।
বছৰৰ শেষ দিন । সেয়ে সি সোনকালেই দোকানখন খুলিছিল যাতে পুৱাৰ ভাগতেই অলপ বিক্ৰী বাৰ্তা কৰিব পাৰে । ক্ষন্তেক পাছতে আকৌ পিকনিক খাবলৈ যাব লগা হ'ব ।
ন বজাৰ লগে-লগে সিফালৰ পৰা বিকাশৰ ফোন আহিল ।
: সাজু হ'লিনে? অমুক অমুক বস্তু তই মোনা এখনত ভৰাই লৈ আহ ।
আগতীয়াকৈ কৈ থোৱা বস্তুবোৰ সি ইতিমধ্যে এখন ডাঙৰ মোনাত ভৰাই লৈছিল । তাৰ পিছত আকৌ মনত পেলাই দিয়া বস্তু সমুহ ভৰাই ল'লে । তেল নিমখ পিয়াঁজ হালধি মছলা পানী আলু নহৰু জুইশলা আদি প্ৰয়োজনীয় সকলো সামগ্ৰী ভৰাই ল'লে সি ।
ৰত্নজিতে ফোন কৰিলে -
: হাঁহৰ মাংস নে কুকুৰা মাংস খাই ভাল পাৱ ?
: লৈ আহ কিবা এটা ।
সি হাঁহৰ মাংস ল'লে । তাৰ পিছত ক'লে - আহ আহ ওলাই আহ ।
সি আহিলেই । দেৰি কৰি থাকিলে নহ'ব । সি লাহেকৈ দোকানৰ জাপখন লগাই ঘৰলৈ ফোন কৰিলে -
: হেলমেটটো লৈ আহ ।
ক্ষন্তেক সময়ৰ পাছতে কৌশিক আহিল হেলমেটটো হাতত লৈ । সি দৰ্জাখন বন্ধ কৰি চাবিপাত কৌশিকক দি ক'লে মোৰ অহাত অলপ পলম হ'ব পাৰে গতিকে মাৰে দোকান খোলে যদি খুলিবলৈ ক'বি ।
ৰাতিপুৱা ভাত খাবলৈ নহ'ল । আজি সিহঁতৰ ঘৰত পায়স অকণমান ওলোৱাৰ কথা কৈছিল । গতিকে ভাত ৰন্ধা বঢ়া কৰিবলৈ নহ'ল । সেয়ে দোকানতে থকা বন তিনিটা উলিয়াই আনি তাৰে এটা কৌশিকক দি আন এটা খুৰাকক দিলে আৰু সি নিজে এটা খাই ল'লে । পুৱাৰ সাজৰ ব্যৱস্থা কৰা নহ'ল । বনভোজ খাবলৈ যাব যেতিয়া ইমান দিগদাৰ নাই ।
দহ বাজিছিল । হেলমেটটো পিন্ধি লৈ নতুনকৈ লোৱা চুপাৰ স্প্লেণ্ডাৰ এক্স টেকখন লৈ শৰ্মা ছাৰে পোনে পোনে ধনশিৰি নৈৰ কঠালগুৰি ঘাট পালেগৈ ।
ইতিমধ্যে বিকাশ আৰু ৰত্নজিৎ আহি পাইছিল । তিনিও লগ লাগি ধনশিৰি নৈৰ পাৰে পাৰে উত্তৰ দিশে কিছু আগলৈ বনভোজ স্থলী পৰিদৰ্শন কৰাত লাগি গ'ল । অলপ দূৰ আগুৱাই যোৱাৰ পাছত নৈৰ বালিত এডোখৰ ঠাই ঠিক কৰি লৈ তাতে বস্তু বাহানি নমালে । নৈৰ বালিচৰ গতিকে গছৰ ডাল কেইটামান আনি গোজ পুতি অলপ ছাঁৰ দৰে কৰি ল'লে সিহঁতে ।
অলপ সময় জিৰণি ল'লে তাৰ পিছত ৰন্ধা বঢ়া কৰিবলৈ যা যোগাৰ কৰিলে । ৰত্নজিৎ ব্যস্ত হ'ল আলু গুটি কোমোৰা কটাত । সি চৌকা খান্দিবলৈ আৰম্ভ কৰিলে ।
এনেতে কাৰ্বি আংলং জিলাৰ পৰা ৰত্নজিতৰ লগৰ চাৰিজন বন্ধু আহি পালেহি । থাপাদাই সহজতে সকলোৰে লগত বন্ধুত্ব গঢ়ি তুলিছিল । নেপালী গোৰ্খা সম্প্ৰদায়ৰ লোক । আগতে চুঙাজান অঞ্চলত বাস কৰিছিল । জন্ম ইয়াতেই । এতিয়া চাকৰি সূত্ৰে কাৰ্বি আংলং জিলাত বসবাস কৰে । বাকীসকলৰ লগত ইমান চিনাকি নাছিল । থাপাদাই নিৰ্মলৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰিছিল ।
ৰন্ধন প্ৰকৰণ চলি থাকিল । এজন এজনকৈ আঠজন মানুহ গোট খাইছিল । চাৰিজনে ৰন্ধন প্ৰকৰণত জড়িত হৈ পৰিছিল । হাঁহৰ মাংসৰ সৈতে কোমোৰা আৰু আলু গুটি ৰান্ধিছিল । ইফালে বিলাহী পোৰা আৰু আলু পিটিকা । ধনীয়া জলকীয়া মিঠাতেল নিমখ পিয়াঁজ সানি পিটিকি দেখিলেই জিভাৰ পানী বৈ অহা কৈ ল'লে সিহঁতে ।
বনভোজ খাবলৈ হয় মানে আবেলি তিনি বাজিবৰ হৈছিল । আৰু দেৰি নকৰিলে । ভাত মাংস বাঢ়ি কৰি অষ্টমহৰ্ষীয়ে খাবলৈ বহিল । বছৰৰ শেষ দিনটোত এনেদৰেই আঠজন বন্ধু লগ হৈ বনভোজ খাবলৈ পাই সিহঁতৰ মনবোৰ এক অবুজ আনন্দেৰে ভৰি পৰিল ।
খোৱা বোৱা হোৱাৰ পিছত আকৌ ফুৰ্তি কৰিবলৈ আৰম্ভ কৰিছিল সিহঁতে । নিৰ্মল কুমাৰে আৰু দেৰি নকৰিলে । তহঁতে কিমান ফুৰ্তি কৰ কৰ , মই গৈ থাকো । দোকানত অকলে আছে দিগদাৰ হ'ব ।
এইবুলি কৈ সি ঘৰলৈ উভতি আহিছিল । বছৰৰ শেষত সি এবাৰ হ'লেও নৈৰ পাৰলৈ যায় । আগতে সিহঁতে বনভোজ খাবলৈ যোৱা ঠাইডোখৰত নৈৰ পাৰতে এজোপা বগৰী গছ আছিল । এইবাৰ গৈ দেখিলে বগৰীজোপা কোনোবাই কাটি পেলাইছে । এইবোৰ ঠাইত গছ গছনি থাকিব লাগে কিন্তু মূৰ্খ দুই চাৰিজন ব্যক্তিৰ বাবে নৈৰ গৰা খহনীয়াৰ কবলত পৰাৰ সম্ভাৱনা বেছি হয় । এনে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছে । নহ'লে আজি যিখিনি ঠাই নিজৰ দখললৈ আনি খেতি কৰি আছে , দুদিন পাছত সেয়া হয়তো নৈৰ বুকুত যাহ যাব ।
অসমৰ প্ৰধান সমস্যা হৈছে বানপানী আৰু নৈৰ গৰা খহনীয়া । গতিকে সকলো সজাগ হ'বৰ হ'ল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ