হয়তো দিব খুজিছে
কোনো এক অজান বাতৰি ,
নিস্তদ্ধ চহৰত
শ্মশানৰ দাৱানল
কবৰৰ নিশ্চুপ আন্ধাৰত......
এয়া যেন মৃত্যু ক্ষণৰ
এয়া যেন কেৱল কান্দোনৰ।
গভীৰ তমসাত ঘূৰি ফুৰে
অশৰীৰী ছায়া ,
ভাঁহি আহে হাঁহিৰ ধ্বনি
সিহঁত এই চহৰৰ নাগৰিক ।
য'ত অস্পষ্ট কবৰ
স্তব্ধ চহৰ....
থমকি ৰোৱা ডাৱৰৰ আৰ্তনাদে
গৰ্জি ক'ব খোজে যেন
এয়া প্ৰেতৰ কাৰখানা।
এক মহাকালীন হাহাকাৰ
আকাশত এমুঠি পোহৰৰ অভাৱ...
এই তমসাই মোক ভাবুক কৰে
জোন জোনাকীৰ নিদ্ৰা,
ম্লান হোৱা পূৰ্ণিমা ,
প্ৰতি সন্ধিয়া ভয়াৰ্ত জনতাই.....
আভাস দিব খুজিছে নেকি
মলিনতাৰ !
ক'ব খোজে নেকি ?
---- তোমাৰ যাত্ৰা ভীষণ অন্ধকাৰ !
ঘনঘোৰ তমসা বাটত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ