সফলতাৰ মাধ্যম হিচাপে ইণ্টাৰনেট•সংযুক্তা দত্ত

Rinku Rajowar
0
বৰ্তমান সময় হ'ল - প্ৰযুক্তিবিদ্যাৰ  যুগ। বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ অবিহনে একোৱে সম্ভৱ নহয়।বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ সহায়ত মানৱজাতি বহুদূৰ আগবাঢ়ি গৈছে।  প্ৰযুক্তিবিদ্যাৰে এটা ভাগ হ'ল-ইণ্টাৰনেট। ইণ্টাৰনেটৰ অবিহনে আমি একো কাম কৰিবৰ নোৱাৰো। আমি ঘৰত বহিয়ে অতি কম সময়তে ইণ্টাৰনেটৰ যোগেদি পৃথিৱীৰ ক'ত কি হৈ আছে জানিব পাৰোঁ। আজি কালি সকলোৱে হাতে হাতে স্মাৰ্ট ফোন । আৰু এই  স্মাৰ্ট ফোনটোৰ দ্বাৰাই আমি সকলো খবৰ জানিব পাৰোঁ। আজি কালি প্ৰায় ভাগ মানুহৰ ঘৰতে বাতৰি কাকত লোৱা দেখিবলৈ পোৱা নাযায়। কাৰণ সেই কাকত খনৰ ঠাই ল'লে আমাৰ সকলোৰে ঘৰত থকা টি.ভি.টোৱে আৰু সকলোৰে হাতে হাতে থকা মোবাইলটোৱে । কিয়নো আপুনি য'তে নাথাকক কিয় ইণ্টাৰনেটত এবাৰ Searchকৰিলেই দিনটো খবৰ পলকতে পায় যায়। আনকি বাতৰি কাকত সমূহো আজি কালি pdf ৰূপত  মোবাইলতে পোৱা যায়। বৰ্তমান সময়ত আমি সকলো কেৱল ইণ্টাৰনেটৰ ওপৰতে ভৰষা কৰি আগবাঢ়িছো। সকলোৰে পঢ়া শুনা ইণ্টাৰনেটতে। ধৰি লওঁক এখন ডাঙৰ কলেবৰৰ কিতাপ পঢ়োতে আমাক একসপ্তাহ সময় লাগে। যদি আমি ইণ্টাৰনেটত কিতাপ খনৰ সাৰংশটো শুনো তেনেহ'লে আমাক খুব বেছি তিনিঘণ্টা সময়ৰৰ প্ৰয়োজন হ'ব। গতিকে আমাক ইণ্টাৰনেটে বহুত সময় ৰাহি কৰিলে আৰু লগতে আমাক কথাখিনি ভালদৰে বুজায় দিলে।   
                 ইণ্টাৰনেটক সফলতাৰ মাধ্যম বুলি ক'ব পাৰি নে ?  
               নিশ্চয় । ইণ্টাৰনেটক সফলতাৰ মাধ্যম বুলি ক'ব পাৰি । নিৰ্ভৰ কৰে আমাৰ ওপৰত আমি কেনেদৰে ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ। আমি যদি ভাল কামত ভাল দৰে ব্যৱহাৰ কৰিব জানো তেনেহ'লে ইণ্টাৰনেট হৈ পৰিব আমাৰ বাবে সফলতাৰ মাধ্যম । আৰু আমি যদি ইণ্টাৰনেটৰ সঠিকভাৱে ব্যৱহাৰ কৰিব নাজানো তেনেহ'লে ইণ্টাৰনেট হৈ পৰিব আমাৰ বাবে বিফলতাৰ মাধ্যম ।   যিকোনো এটা বস্তু কেতিয়াও ভাল বা বেয়া হ'ব নোৱাৰে । কাৰণ -- ভাল বেয়াটো নিৰ্ভৰ কৰে ব্যৱহাৰকাৰীজনৰ ওপৰত । গতিকে আমি ইণ্টাৰনেটক সফলতাৰ মাধ্যম বুলি ক'ব পাৰোঁ ।

                          ✍️সংযুক্তা দত্ত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)