তুমি আছা বাবেই -দিপশিখা ৰাজকোঁৱৰ

©Admin
0
তোমাৰ বাহিৰে মোক কোনেও
বুজিবলৈ চেষ্টা নকৰে জানা
মোৰ দুৰ্বলতাৰ কথা জানিও
মই কষ্ট পোৱা কাম কৰে
কোলাহলত থাকি নিজকে
চম্ভালিব নোৱাৰোঁ বুলি জানিও
কোলাহলৰ সৃষ্টি কৰি তোলে।
আনৰ দৰে হৃদয়খন নহয় 
মানুহজনী ডাঙৰ হ'লেও
মনটো এতিয়াও আলসুৱা 
অভিমানী মন এতিয়াও আলফুলীয়া 
অকণমান কথাতে দুখ পাওঁ
উচ্চস্বৰত কোৱা কথাবোৰে 
উচপ খোৱাই তোলে বুলি জানিও
বিনা যুক্তিকৰ কথাবোৰ শুনাই 
মোক অসহ্যকৰ কৰি তোলে ।
অ অচিনাকি চৰাইজনী
তুমিয়েই কেৱল মোক বুজি পোৱা
মোৰ গোপন কথাবোৰ চোন
তুমিয়েই জানা আৰু শুনা ।
নাযাঁও কাকো বুজাবলৈ
নকওঁ কাকো অভিমানী হিয়াৰ
দুৰ্বলতাবোৰৰ কথা
তুমি চোন আছাই মোৰ লগত
সপোনত সদায় কম তোমাক
মাথোঁ তুমিও আনৰ দৰে মোক
ভুল বুজি অভিমান নকৰিবা
দুভাগ নিশাৰ অন্ধকাৰে নহ'লে
আকৌ মোক অকলশৰীয়া কৰিব ।
বহু বছৰ হাঁহিবলৈ পাহৰি গৈছিলো
এতিয়া হাঁহিবলৈ শিকিছোঁ
হাঁহি হেৰাই যাবলৈ নিদিবা
সুখী হ'ব বিচাৰোঁ মই 
অ অচিনাকি চৰাইজনী
তুমি আছা বাবেই এতিয়া
সময়বোৰ সোণালী কৰিছোঁ
তুমি আছা বাবেইতো নিজকে
সাহসী কৰি আগবাঢ়িছোঁ।

✍️দিপশিখা ৰাজকোঁৱৰ!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)