গছৰ সেউজী পাতৰ দৰে যেন
মাটিৰ যেন উৰ্বৰতা হৈ
জৈৱিকতাৰ মাজতে হয়তো
বিলীন হম প্ৰকৃতিৰ কোলাত ।
মই নহ'লেও সকলো যেন একে থাকিব
এই পৃথিৱীৰ জলবায়ু,নদ-নদী
সাগৰ-মহাসাগৰ,পাহাৰ-পৰ্বত
আৰু সূৰ্য্য-চন্দ্ৰ ওলাব একেই পথে
মই নহ'লেও সকলো আগৰ দৰে থাকিব ।
নাথাকিলেও যেন মই এই পৃথিৱীত
দিন-ৰাতি পুৱা-গধূলি একে থাকিব
মই হেৰাই গলেও সাঁজৰ তৰাই
নিতৌ ওলাব সন্ধিয়াৰ আকাশত
ফুলবোৰ ফুলিব চৰাইবোৰো উৰিব।
ৰঙা শিমলু মদাৰ পলাশো ফুলিব
ফাগুনৰো যেন পছোৱা বলিব
চ'তৰ বিহুত মাকৰ ঘৰলৈ বৰদৈচিলা
ব'হাগত গছেই কুঁহিপাত মেলিব
বৰষুণেই আকাশত মাদল বজাব।
মানুহৰ মাজত সুখ-দুখ,হাঁহি-কান্দোন
একেই আছেহি চাগে জীৱন গাঁথা চলি
দুদিনীয়া জীৱন যেন এক ৰঙীন বাসনা
সকলো এদিন হেৰাই যাব চাগে
সময় বোৱতী নদীৰ সোঁতত বৈ বৈ
জীৱনৰ কি যে মোহনীয়া প্ৰেম ভালপোৱা
বাস্তৱ জীৱনৰ ক'ত জীয়া বাসনা
জীৱন ভৰা কি যে আলসুৱা মৰম আকুলতা
সকলো একে থাকিব চিৰ প্ৰবাহিত নদীৰ দৰে
মই নাথাকিলেও সকলো একেই থাকিব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ