অনুভৱ-আছাদুৰ ৰহমান

©Admin
0
কোণ কৰি তোমাক চালো তোমাৰ চকুৰ ৰেটিনাত 
মোৰ প্রতিবিম্বখন দেখা পালো, 
যাৰ বাবে আৰু বিলম্ব     নকৰিলোঁ,
 মোৰ ভালপোৱাৰ ইলেক্ট্রনবোৰ 
প্রবাহী বিদ্যুত হিচাপে তোমালৈ পঠিয়ালো 
কিন্তু তোমাৰ মায়ে যে ৰোধ হিচাপে
আছিল আমাৰ মাজত
 সেই কথা গমেই নাপালো। মায়ে কৰিলে তোমাক আকর্ষণ 
মোক কৰিলা তুমি বিকর্ষন লগে লগে বন্ধ হৈ পৰিল মোৰ হৃদয়ৰ পেচমেকাৰখন তোমাৰ কথা ভাবি
 আছিলো আকাশত চাং পাতি ভাবিছিলো মই হাইড্রজেন আৰু তুমি অক্সিজেন দুয়ো গঢ়িম মিলি নতুন জীৱনৰ কাহিনী কিন্তু পৃথিৱীৰ মাধ্যাকর্ষন শক্তিৰ কথা গৈছিলো যে একেবাৰে পাহৰি

আকাশৰ পৰা পৰি 
আবদ্ধ হৈ পৰিলো তোমাৰেই চুম্বকক্ষেত্ৰত
 তোমাৰ কথাৰ তৰংগ 
আহিল মোৰ মনৰ মাজত । কাৰেন্ট ও গল মোৰ হৃদয়ৰ লাব-ডাবৰ শব্দও বন্ধ হল।

তোমাৰ চকুলোৰ বাবে মোৰ প্রতিবিম্বখন তিতিল,
 লগে লগে আমাৰ কবিতাৰো সমাপ্তি ঘটিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)