সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক'ত আৰু কিমান চনত হৈছিল?
উত্তৰ:- ১৯৬৫ চনত কটন কলেজত।
২/অসমত প্ৰথম প্লেনেটৰিয়াম ক'ত আছিল?
উত্তৰ:- এম. জি. ৰোড, লতাশিল, উজান বজাৰ, গুৱাহাটীৰ উচ্চতম ন্যায়ালয়ৰ ওচৰত।
৩/অসমত প্ৰথম গ্ৰন্থমেলা কোন ঠাইত অনুষ্ঠিত হৈছিল?
উত্তৰ:- নগাঁওত অনুষ্ঠিত হৈছিল।

৪/ অভিনেত্ৰী মলয়া গোস্বামীয়ে কোনখন অসমীয়া চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু কিমান চনত?
উত্তৰ:- "ফিৰিঙতি" চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ৩৯তম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ১৯৯২ চনত।
৫/কবিতা কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায়?
উত্তৰ:- অমলেশ্বৰ চেতিয়া ফুকন।
৬/অসমৰ সিংহ পুৰুষ বুলি কোনজন ব্যক্তিক জনা যায়?
উত্তৰ:- ৰাধা গোবিন্দ বৰুৱা।
৭/সনন্ত তাঁতিয়ে কোনখন কবিতা পুথিৰ বাবে ২০১৮ চনত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰ:- "কাইলৈৰ দিনটো আমাৰ হ'ব" নামৰ কবিতা পুথিৰ বাবে সনন্ত তাঁতিয়ে ২০১৮ চনত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)