ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড-৩৫•নবীন চন্দ্ৰ মেধি

@admin
0
নাওজান চুঙাজান আঞ্চলিক কবি সন্মিলনৰ আজি কাব্যালোচনী সম্পাদনা সমিতিৰ বৈঠক । নিৰ্মল কুমাৰে দুপৰীয়া এক বজাতেই ঘৰৰ পৰা ওলাই আহিছিল । কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলৰ মাজত অনুষ্ঠিত কৰা হৈছিল এই সভা । কবি সন্মিলন গঠন কৰাৰ দিনাই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এখন কবিতা পুথি প্ৰকাশ কৰাৰ বাবে । এতিয়া কবিতাৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে কবিতাৰ আলোচনী হিচাপে প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হয় । তিনিমহীয়া কবিতা আলোচনী হিচাপে প্ৰকাশ পাব লগা এই আলোচনীখনৰ আজিৰ এই বৈঠকতে নামকৰণ কৰা হ'ব । 

নিৰ্মল কুমাৰ শৰ্মাই সাহিত্য বুলি ক'লে বৰ ভাল পায় । তাতে আকৌ ভাল পঢ়ুৱৈ । সাহিত্যৰ অধ্যয়ন কৰা লোকসকলে গল্প কবিতা প্ৰৱন্ধ আদি লেখা মেলা কৰিবলৈ সক্ষম হয় । সি সৰুৰে পৰাই আগ্ৰহী আছিল । ১৯৯৭ চনৰে পৰাই কবিতা লেখিবলৈ আৰম্ভ কৰিছিল । তাৰ পিছত গল্প লেখিবলৈ আৰম্ভ কৰিছিল । এতিয়া প্ৰৱন্ধ উপন্যাস আদিও লেখিবলৈ আৰম্ভ কৰিছে । সাহিত্য সাধনা তাৰ বাবে পেছা নহয় । এক প্ৰকাৰৰ নিচা । একাংকিকা নাটক লিখি অভিনয় কৰিও চাইছিল পিছে সফল হোৱা নাছিল । তথাপিও লেখা মেলা বাদ দিয়া নাছিল । সেইবোৰ অতীত হ'ল । ২০০৮ চনতেই স্বৰচিত কবিতা পুথি প্ৰকাশ কৰি কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল সি । বিগত তিনিটা বছৰে সি পুনৰ লেখা মেলা কৰিবলৈ আৰম্ভ কৰিছিল । এতিয়া অলপ সফল হৈছে । লেখনি প্ৰকাশ কৰাৰ বাবে কিছুমান মঞ্চ পাইছে । আলোচনীসমূহত নিৰ্মল কুমাৰে লিখা গল্প কবিতা প্ৰৱন্ধ আদি প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । ভাল লাগে আজি তেওঁৰ । সাতাইশবছৰীয়া সাহিত্যিক জীৱনৰ এই ক্ষণত উপলব্ধি কৰিলে হয় , কোনো সাহিত্যিকেই একেদিনাই সফলতা লাভ কৰিব নোৱাৰে । সফলতা লাভ কৰিবলৈ হ'লে সাধনাৰ প্ৰয়োজন । সাহিত্যৰ অধ্যয়ন নিতান্তই আৱশ্যক । এনেদৰে এদিন কবিতা লিখা ষোল্ল বছৰীয়া ল'ৰা জনে কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিলে , তাৰ পিছত শিক্ষকতা আৰম্ভ কৰিলে । আৰু এতিয়া এখন অসমীয়া আলোচনী সম্পাদনা কৰাৰ দায়িত্ব গ্ৰহণ কৰিব লগা হয় । বিবাহৰ আগলৈকে কবি , সাহিত্যিক , আলোচনী সম্পাদক , সাহিত্য সম্পাদক সাহিত্য প্ৰতিযোগিতাৰ বিচাৰক আৰু কত কিমান যে কাম কৰি ফুৰিব লগা হৈছিল । কিন্তু বিয়াৰ পিছৰ পৰাই যেন এই সকলো ত্যাগ কৰি সংসাৰৰ মায়া মোহত আবদ্ধ হৈ পৰিছিল । আকৌ উভতি আহিছে সি এক নতুন উদ্যমেৰে । এইবাৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব । 

নিৰ্মল কুমাৰে এঘণ্টাৰ আগতে শেখৰ চুববাদাৰ বাসগৃহত উপস্থিত হৈছিল । শেখৰদা কৰ্মত ব্যস্ত হৈ আছিল । গাঁৱৰে এজন শ্ৰমিকে শ্ৰম কৰি আছিল । তেখেতে সহায় কৰি দিছে । ইটো সিটো কৰিবলৈ দিহা পৰামৰ্শ প্ৰদান কৰিলে । সেই সময়তে নিৰ্মল কুমাৰৰ প্ৰৱেশ ঘটিছিল । এইবাৰ দুয়ো বন্ধুৱে একেলগে মিলি এই অঞ্চলৰ এগৰাকী কবি ৰূপালী বসুমতাৰীৰ বাসগৃহলৈ ৰাওনা হৈছিল । এয়া ৰূপালী বসুমতাৰীৰ পিতৃ -মাতৃৰ ঘৰ । ৰূপালী বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত কাৰ্বি আংলং জিলাৰ বকলীয়া অঞ্চলত নিগাজীকৈ থাকিবলৈ লয় । তথাপিও ৰূপালী বাইদেউ এই অঞ্চলৰ আপোন কবি । ৰূপালী বসুমতাৰী বাইদেউৰ সদ্য প্ৰকাশিত কবিতা পুথি " বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে । " বকলীয়াৰ পৰা বাইদেউৱে দুখন কবিতা পুথি ভায়েক ৰঞ্জিত বসুমতাৰীৰ হাতত পঠিয়াই দিছিল । তাৰে এখন শেখৰদাই ল'লে আৰু আনখন নিৰ্মল কুমাৰে ল'লে । 
ৰঞ্জিত বসুমতাৰীৰ স'তে একেলগে কেবাবছৰো নিৰ্মল কুমাৰে শিক্ষকতা কৰিছিল । সহকৰ্মী বন্ধু তথা অগ্ৰজ দাদা । এতিয়া বকলীয়া অঞ্চলত শিক্ষকতা কৰে । 

দুই বাজিল । সিহঁত দুয়ো মিটিঙলৈ যাবলৈ ওলাল । ইফালে মুকুন্দ মাধৱ আহি পাইছিলহি । শেখৰদাৰ বাসগৃহতেই বৈঠক অনুষ্ঠিত কৰা হ'ল । তিনিজনেই আৰম্ভ কৰিলে । যোৱাকালি হোৱাটছএপ যোগে গ্ৰুপৰ সকলোকে জনোৱা হৈছিল যদিও শেষ মুহূৰ্ত্তত মাত্ৰ তিনি জন সহকৰ্মী বন্ধু লগ হৈছিল । এনেয়েও কবিতা গল্প আদি সাহিত্যানুষ্ঠান গাঁৱৰ সাধাৰণ মানুহে বৰ ভাল নাপায় । কিন্তু যদিহে কোনোবা মন্ত্ৰী এম এল এ অহাৰ কথা শুনে তেতিয়া কিন্তু হিলদ'ল ভাঙি আহিব । এয়াই বিড়ম্বনা । ৰাজনীতিয়ে বৰ বেয়াকৈ শিপাইছে । গাঁৱৰ সাধাৰণ মানুহে ৰাজনীতি কি বুজি পায় । মুঠতে মন্ত্ৰী এম এল এ আহিলে কিবা এটা আঁচনি ঘোষণা কৰিব । কেৱল টকাৰ লোভত ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে । নেতাৰ আঙুলিৰ মূৰত ধৰি ঘুৰিব পাৰিলে আৰু যেন একো নালাগে । 

কাব্যালোচনী খনৰ নামকৰণ কৰিব লাগে এটা এটাকৈ কেবাটাও নাম আলোচনা হ'ল জীৱন তৃষ্ণা , কুঁৱলী , আকাশী গংগা , অশান্ত মনৰ স্বৰলিপি , মন্দাকিনী আদি । কিছুসময় আলোচনা বিলোচনা কৰাৰ পিছত নিৰ্মল কুমাৰে " মন্দাকিনী " নামটো ৰখাৰ ব্যৱস্থা কৰা হওঁক বুলি নিজৰ সিদ্ধান্ত ব্যক্ত কৰে । অৱশেষত মন্দাকিনী নামটো ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । 

তাৰ পিছত আহিল আলোচনীখনৰ পৃষ্ঠাৰ সংখ্যা কিমান হ'ব ? ৭০ৰ পৰা ৮০ পৃষ্ঠাৰ ভিতৰতে হ'ব বুলি সিদ্ধান্ত হ'ল । এইবাৰ আহিল উন্মোচনী সভাৰ স্থান আৰু তাৰিখ নিৰ্ধাৰণ । স্থান নাওজান চুঙাজান অঞ্চলৰ মাজতে থকা মৰাজান এম ই স্কুল আৰু ১০ মাৰ্চ , ২০২৪ ত উন্মোচন কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে এখন সম্পাদনা সমিতি গঠন কৰা হয় । গোপাল উপাধ্যায় ছাৰক উপদেষ্টা হিচাপে লৈ সভাপতি ফেমচাং লিৱাং শেখৰ , সম্পাদক নিৰ্মল কুমাৰ শৰ্মা আৰু সম্পাদনা সহযোগী মুকুন্দ মাধৱ বৰা আৰু ৰাজেশ তালুকদাৰক ৰখাৰ সিদ্ধান্ত কৰি সভাৰ কাৰ্যসূচী পৰ্যন্ত ঠিক কৰি সন্ধিয়া ছয় বজাত নিৰ্মল কুমাৰে ঘৰলৈ উভতি আহিছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)