ধোদৰ পছলা - নবীন চন্দ্ৰ মেধি

©Admin
0
ঘৰখনত জীৱিত বুলিবলৈ মাথোঁ তিনিটা প্ৰাণী । বাপেকে আনৰ ঘৰত দিন হাজিৰা কাম কৰে । দিনটো আনৰ ঘৰত কাম কৰি গধূলি হ'লে চুলাই ভাটিত সোমাই এবটল খাই ঢলং ঢপংকৰে ঘৰলৈ উভতি আহে । কেতিয়াবা কোনোবাই গাড়ীৰে থৈ যায় । পদুলি মূৰতে নমাই থৈ আঁতৰি যায় । এতিয়া ঘৰলৈ গ'লেও যা নগ'লেও পৰি মৰি থাক । পুতেক এটা নাকাম্মা । ক'ত কি কৰে পাত্তা নাই । হাজিৰা কাম কৰি পেট প্ৰৱৰ্তন কৰা এটা পৰিয়ালে গাড়ীয়ে মটৰে ল'বলৈ আৰু পকা ঘৰ , লেট্ৰিন বাথৰুম বনাবলৈ ক'ত ধন পায় সেয়া সিহঁতে জানে । 
বাপেক আৰু পুতেক দুয়ো ৰাতিপুৱাই কামলৈ ওলাই যোৱাৰ পাছত মাইকী মানুহ জনীয়ে দিনটো ঘৰখনত কিমাননো অকলে অকলে সোমাই থাকিব । এবাৰ বহে , এবাৰ শুৱে । শুই বহি যেতিয়া আমনি লাগে সন্মুখতে থকা গুমটি দোকান খনলৈ এপাক ওলাই যায় । 
বুঢ়া তামোল পেকেনিয়াই পেকেনিয়াই বহি থকা দোকানীজনক কয়  - 
:  তামোল আছে নেকি অ’ মোকো এখন দেচোন । 
হয়তো দোকানীজনৰ মনত খং উঠি আহিছিল । 
: হেৰৌ দিনটো মই যে এই দোকানখনতে বহি আছো , বিক্ৰী বাৰ্তা অলপো নাই , তই দেখা নাই নেকি বাৰু ? ঘৰৰ পৰা আটোমটোকাৰিকৈ থোৱা বুঢ়া তামোল পাণ নিজে খাবলৈ লৈ আহো । তোক খুৱাবলৈ মোৰ কি গৰজ পৰিছে অ' ?  
মনৰ ভিতৰতে ভূৰভূৰাই ভূৰভূৰাই দোকানীজনে তামোল এখন উলিয়াই দিয়ে । হয়তো তেওঁৰ ক'বলৈ মন গৈছিল - 
: নিষ্কৰ্মা তিৰোতা , পুতেৰ আৰু গিৰিয়েৰে ঘৰত নাই । বাৰীতে কিবা এটা কাম কৰো বুলি কৰিব নোৱাৰ ? হাঁহ কুকুৰা , গৰু ছাগলী দুটামান পোহা হ'লেও দিনটো সিহঁতৰ লগতে ব্যস্ত হৈ থাকিব পাৰিলিহেঁতেন ! দিনৰ দিনটো যে অলৌতলৌকৈ আনৰ দোকানৰ মুখে মুখে , য'তে ত'তে বহি চাদা তামোল বিচাৰি ঘুৰি ফুৰ , ঘৰতে সোমাই নাথাক’ কেলেই ? 
দোকানীজনৰ অৱচেতন মনৰ ভাৱ বুজি পাই তাই লাহেকৈ থিয় দঙা দি এখোজ দুখোজ কৰি ঘৰলৈ উভতি আহিছিল । দোকানীয়ে সিহঁতক বৰ এটা ভাল নাপায় । বিহাৰী গণ্ডগোলৰ সময়ত সেই পৰিয়ালটোৱে চাৰিআলিৰ মূৰত থকা বিহাৰী হোটেল এখনৰ ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ কথা সি ভালকৈ জানে । বেছি দেশপ্ৰেমিক জাতীয়তাবাদী দেখুৱাবলৈ যোৱা ভণ্ড নেতাৰ নেতৃত্বত আৰম্ভ হোৱা ২০০৫ চনৰ বিহাৰী গণ্ডগোলৰ কথা সকলোৰে জ্ঞাত । 
এতিয়া সিহঁতৰ বেছিভাগ মন্ত্ৰী এম এল এ নতুবা সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু সিহঁতৰ পিছে পিছে আৰু এচাম লোক আগবাঢ়িছে। কা আন্দোলন কৰি কেবাজনো শ্বহীদ হ'ল । এতিয়া নেতৃত্বত থকা সকলে অৰ্থ আৰু ক্ষমতাৰ লোভত সকলো পাহৰি গ'ল । সিহঁতক লাগে মাথোঁ মন্ত্ৰী পদ । ক্ষমতা ধন আৰু জনপ্ৰিয়তা । 
সেইসময়ত লুটপাট কৰাৰ বাদেও আনৰ ঘৰত যে চুৰি কাৰ্য কৰে সেয়াও সি জানে । পানী মেচিন , টিউৱেল , ছাগলী , হাঁহ কুকুৰা , কাপোৰ কানি আৰু পথাৰৰ পৰা চুৰ কৰি অনা শস্য আদিৰ কথা গাঁৱৰ মানুহে নজনা নহয় । গতিকে সিহঁতৰ পৰা সাৱধানতা অৱলম্বন কৰি চলিব লগা হয় । ৰাইজে ধৰা পেলাই কেইবাবাৰো শাস্তি প্ৰদান কৰিছিল যদিও এতিয়াও সিহঁতৰ স্বভাৱ চৰিত্ৰ বুজা টান । 
বাকী বুলিলে ফাঁকি । ৩০ টকা এটা ধাৰ খাই পৰিশোধ কৰিবলৈ দৰমহা পালেহে দিম বুলি ফোপজহী কথা কোৱা পৰিয়ালটোৰ পৰা সি যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰে ।

✍️নবীন চন্দ্ৰ মেধি
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)