বুকুৰ ফাগুনত বসন্তই ৰং চতিয়াই-নিপু কুমাৰ দাস

Rinku Rajowar
0
উন্মনা উন্মক্ত ফাগুন নামিছে 
মই যেন তোমাৰ প্ৰেমত, 
এজন নিপুণ চিত্ৰকৰ হ'ব খোজো 
নতুন চিত্ৰকল্পৰ কল্পচিত্ৰত
হৃদয়ত যেন কত আঁক-বাঁক
ৰং-বোলাই যেন তাত
উজ্জ্বলাই তুলিম দুহাতৰ যাদুৰেই 
এখনি বিতোপন ৰঙীন কলাজ । 

মই আদিতে চিত্ৰকৰ নহ'ব পাৰোঁ 
তোমাৰ চাগে পৰি প্ৰেমত 
জীৱনৰ ৰঙবোৰ যেন বুটলি 
মন ফাগুনৰ উদাস উদাসীনতাত
আঁকিছো এখনি প্ৰেমৰ ছবি
চিকুণ পুৱাৰ ঘুমটি ভাঙি
তাতেই ওলাব কোমল ৰ'দালি  
জোনাকীৰ জোনটিও ওলাব হাঁহি।

এই প্ৰেম কিযে বিৰহ বিষাদ যন্ত্ৰণা
এই প্ৰেমেই আলসুৱা মৰম সনা  
কত বাকৰুদ্ধ কাহিনী,শ্বাসৰুদ্ধ হই
মনাকাশত পছোৱা বা
ধূসৰিত ধূলিকণা উৰুৱাই 
তল সৰা সৰাপাতে নিজানত উচুপি উঠে 
বৰষুণে বৰষুণে কিযে গুণ গুণাই 
বুকুৰ ফাগুনত বসন্তই ৰং-চতিয়াই ।
               
                         ***
✍️নিপু কুমাৰ দাস  
কাজিপাৰা,নলবাৰী 
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)