মা-ৰ স্মৃতি-পংকজ ৰজোৱাৰ

©Admin
0
তুমি যে নাই কাষত মা.....
বৰ অকলশৰীয়া হৈছোঁ মই
তুমি ক’ত আছা মা
ক’ত হেৰাই গ’লা মোৰ জীৱনৰ পৰা
সকলো থাকিও আজি মই বৰ
অকলশৰীয়া মা......

মৰমৰ সম্পৰ্ক বোৰো আজি কালি
বৰ স্বাৰ্থপৰ হৈ গল মা
চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ
কাৰোয়েই সময় নাই মোক
উভতি চোৱাৰ.... ।

সকলো মাথোঁ ব্যৱহাৰ কৰিছে
কোনেও নোসোধে কি বিচাৰোঁ মই
তোমাৰ অবিহনে মই বৰ অকলশৰীয়া হৈছোঁ মা....
এবাৰ উভতি চাই যোৱা না
কিদৰে জীয়াই আছোঁ তোমাৰ অবিহনে।
কিয় ইমান নিঠৰুৱা কৰি গুচি গʼলা মা....
মোকো লৈ যোৱা না
তোমাৰ কাষলৈ
বৰ কষ্ট পাইছোঁ মই।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)