অনুভৱৰ কলমত - সমৰেন্দ্ৰ হালৈ

©Admin
0
নিজানৰ আমনিত জোনাক বিছাৰি 
আন্ধাৰত খেপিয়াই বাট ছিৰি -ছিৰি,
সহস্ৰ আচোঁৰ বুকুত বান্ধি, অব্যক্ত ভাষী ।

বাগৰে, বাগৰি -উঠে
শীতৰ আকোঁৰগোজ মন
বান্ধোনৰ দূৰ্বল চেষ্টা 
অব্যাহত  প্ৰতি  ক্ষণ,
আতৰিব খোজা ডাৱৰ বোৰৰ 
বাৰম্বাৰ আলোক কম্পন
বতাহ যেন সুযোগ হে, 
পলৰীয়াৰ ভুৱা আস্ফালন  ।

হৃদয়ৰ স্পন্দন ,
ভাসমান নদীত জোনাকৰ মাল্যৰ্পন
অনুভৱবোৰৰ, পানী হৈ আগ্ৰাসন
যাত্ৰাৰ প্ৰলোভন,
অধীৰ স্বপ্নৰ ক্ষুদ্ধ সমৰ্পন।

✍️সমৰেন্দ্ৰ হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)