হে প্ৰেয়সী - নাজিৰুল হক

©Admin
0
ওভতাৰ বাটত হেংদাং হৈ ৰ'লা তুমি,
বিচাৰি থকাৰ আশ্বাস বিচূৰ্ণ কৰিলা, শেষ আশাটোও পূৰ কৰিলা,
আকৌ শেষ হোৱাৰ বাটো দেখুৱাই দিলা।
হে প্ৰেয়সী! তোমাৰ মহিমা অপাৰ,
পাৰ হ'ব নোৱাৰিলোঁ তোমাৰ জীৱন
দুৱাৰ।
তোমাৰ কথা বাটে-ঘটে
শুনিলো বহুতৰ মুখে- মুখে,
কৰা কিয় এনে কাম
য'ত হয় তোমাৰ বদনাম |
লিখিব ল'লে হয় পদ্য,
ক'বলৈ গ'লে হয় বদমাছ গদ্য |
হে প্রেয়সী!কি  বিচাৰিছা বহুতৰ
প্ৰেমত,
তুমি মোৰ হোৱা আৰু নানিবা কাকো কাষৰত |
আনিম তোমাক মই সজা সৰগত,
নালাগে থাকিব তোমাক এনে নৰকত |হাত ধৰা মোৰ,
আৰম্ভ কৰা নতুন এক শোভাযাত্ৰা 
য'ত ৰ'ম তুমি,মই আৰু
আমি দুয়ো সজা এটি সৰু পৃথিৱী |

   ✍️নাজিৰুল হক
      চিলঙনি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)