কিন্তু যোৱা সাত বছৰে আমি দুয়ো পৃথক,
তুমি মানি লৈছাই প্ৰেমৰ মৃত্যু হৈছে,
এবাৰ দʼ কৈ ভাৱি চোৱা
প্ৰেম দুয়োখন হৃয়তে বৰ স-যতনে আছে।
এই যে প্ৰতিদিন মনৰ আকাশত স্মৃতিৰ পাহাৰ গঢ়োঁ,
আকৌ সেই পাহাৰ খান্দি দুখৰ নদী বোৱাই দিওঁ,
মই জানো কোনোদিনে কৰিছোঁ ওজৰ আপত্তি,
মোক ভাঙি ধ্বংসস্তুপ কৰিবলৈ প্ৰয়োজন নাছিল কোনো অনুমতিৰ।
যিদিনা আমাৰ পথ দুছোৱা
দুইদিশে কৰিলে গতি
তোমাৰো আছিল অভিমান
মোৰো আছিল অভিমান বৰ
অন্ততঃ কোনোৱে নাহিলোঁ উভতি।
সম্পৰ্ক শেষ হয় সময়ৰ তাগিদাত
যোগাযোগ, সেয়াওতো যায় কমি,
মনৰ শূণ্য স্থান শূণ্য হৈয়ে ৰয়
বুকুখন জুই বিহীন জ্বলে উমি উমি।
শুনিছোঁ তুমি বোলে মাক হৈছা ?
স্নেহময়ী, কৰুণাময়ী, প্ৰেৰণাময়ী মা,
মই যে এতিয়াও একো হ'ব নোৱাৰিলোঁ
মই যে উদ্দেশ্যবিহীন পথভ্ৰষ্ট তৰা।
তুমি চিৰসেউজ পৃথিৱী এটি
সূৰুয তোমাৰ সখি আৰু সন্তান চন্দ্ৰমা।
মোক মৰমতে নক্ষত্ৰ বুলি ক'লেও
ৰবিৰ সেই আসন দিব নোৱাৰিলা।
লোকে কয় মানুহ মৃত্যুৰ পিছত তৰা হয়,
মোৰ নিশ্বাস আছে
বুকুত স্মৃতিৰ পাহাৰ আছে
বিশাল এটি আকাশ আছে
সৌৰজগতৰ অধিকাৰ শূণ্য
জীয়া এটি তৰা মই।
হয় জীয়া এটি তৰা।
সিদিনা তোমাৰ চন্দ্ৰই মোলৈ আঙুলিয়াই
বৰ জোৰে জোৰে হাঁহিছিল
মই অকলশৰীয়া বুলি........
উত্তৰত মই একো ক'ব নোৱাৰিলোঁ
কি ক'ম কোৱা?
তুমি বিচাৰিলে সকলো হ'লহেঁতেন !
তুমি নিবিচাৰিলা সেয়ে একো নহ'ল।
সেইবাবেই তো মই নিৰোত্তৰ.......
✍️ফাৰুক হুছেইন
হাউলী, বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ