জীৱনৰ সন্ধিয়া বেলাত-ৰাশীমা চাংমাই

Rinku Rajowar
0
পোৱাবোৰ হেৰুৱাই
নোপোৱাবোৰৰ আশাত
জীৱনটোক কিয় বাৰু দিও কষ্ট?
অতীতৰ স্মৃতিবোৰক ৰোমন্থন কৰি
আহিবলগীয়া সোণালী ভৱিষ্যতক
মই যেন নিজেই দিও বিদায়!
দুখৰ হিমনাত ৰৈ,
অৱশেষত জীৱনৰ সন্ধিয়া বেলাত
বিচাৰি ফুৰো মুক্তি!
অতীতৰ পৃষ্ঠাবোৰ যেতিয়াই 
মনলৈ ভাহি আহে
দুয়োধাৰে দুধাৰি চকুলো বৈ আহে

অবুজ মনৰ ব্যথা কাকনো বুজাম ?
কোনেনো বুজিব ?
মোৰ যন্ত্রণাৰ এই কাতৰ পৰিস্থিতিক !

✍️ৰাশীমা চাংমাই
ডিব্রুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)