তোমাৰ শত্ৰু নাছিলোঁ মই - কংকন বেজবৰুৱা

©Admin
0
এৰা, শুনিছা!
তোমাৰ শত্ৰু নাছিলোঁ মই
একান্ত নিস্বাৰ্থভাৱে ভালহে পাইছিলোঁ। 
তোমাৰ কলমৰ চিয়াঁহী নাছিলোঁ মই 
সেই চিয়াঁহীৰ এটি এটি শব্দহে আছিলোঁ ।
তোমাৰ কিতাপৰ অধ্যায় নাছিলোঁ মই 
সেই অধ্যায়ৰ এটি এটি শাৰীহে আছিলোঁ ।
তোমাৰ হাঁহিত বলীয়া নাছিলোঁ মই
সেই হাঁহিৰ আৰত থকাজনীৰ প্ৰেমতহে বলীয়া আছিলোঁ।       
বাস্তৱত তোমাক লগ কৰিবলৈ সময় পোৱা নাছিলোঁ মই
কিয়নো তোমাৰ ঠিকনাৰ সন্ধানত ভাগৰি পৰিছিলোঁ।
আচলতে কি জানা ?
তুমি মোৰ এজনী সপোন কুঁৱৰীহে আছিলা ।

✍️কংকন বেজবৰুৱা 
 নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)