ভালেই লাগে দিয়াচোন-পল উৎপল গোহাঁই

Rinku Rajowar
0
ভালেই লাগে দিয়াচোন
তুমি দূৰে দূৰে থাকা
তেনেকে থাকিলেই ভাল লাগে
ওচৰত নাহিবা
ৰাই জাই কৰে মোৰ মন
তুমি কাষত থাকিলে
কঁপি উঠে মোৰ হিয়া
গাৰ নোমবোৰো শিঁয়ৰি উঠে ৷
ভাল লাগে দিয়া চোন
আতৰৰ পৰা চাই ৰব
তুমি নাচি থাকিবা গাই থাকিবা
আৰু মই দূৰৰ পৰাই চাই ৰম ৷
ৰাতি আন্ধাৰৰ মাজতো
জোনাকী পৰুৱাৰ দৰে জিলিকিব
তোমাৰ দুখনি গাল
মই দূৰৈৰ পৰা
একেথৰে চাই ৰম ৷
এনেকৈয়ে ভাল লাগে
তুমি দূৰে দূৰে থাকা
হেৰুৱাৰো কোনো ভয় নাথাকে ৷৷

✍️পল উৎপল গোহাঁই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)