উপহাৰ-নাজিৰুল হক

@admin
0
ফাগুনত মোৰ মনত জাগে হেঁপাহ,
তোমাৰ হাতত ধৰাই দিব গোলাপফুল এপাহ।
চুটি চুটি ভৰি,ক'লা ক'লা চকু,
এখোজ-দুখোজ আগবাঢ়ে তোমাৰ পথে মোৰ বুকু।
দীঘল-দীঘল চুলিটাৰি ফণিয়াই দিব,
ভন্টিহঁতে আদৰি তোমাক নবৌ কৰি নিব।
ফাগুনীয়া বতৰৰ বতাহ হ'বা তুমি,
চ'তৰ শেষত শুনিম দুয়ো কু-কু-কু কুলি।
কপৌফুলৰ থোপা দেখি তোমাৰ ৰাগি ধৰে,
মোৰ বুকুৰ নিজৰাই কুলু-কুলু কৰে।
বহাগৰ বিহু হৈ যাব প্ৰতিবাৰ,
ৰঙালীৰ হোৱা তুমি এটি মোৰ উপহাৰ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)