নীলা খামৰ চিঠি-ৰিমাশ্ৰী কোঁছ

©Admin
0
মৰমৰ প্ৰিয়তম,
চিঠিৰ জৰিয়তেই তোমাক অৰ্পণ কৰিলোঁ মোৰ নিভাঁজ হৃদয়ৰ দুটামান আলসুৱা মৰমৰ টুকুৰা। সযতনে ধৰিবা নহ'লে ভাগি যাব, বৰ ঠুনুকা। আশা কৰোঁ মোৰ প্ৰাৰ্থনা আৰু ভগৱানৰ কৃপাত তোমাৰ ভালেই।

শস্য -শ্যামলা এই পৃথিৱীৰ বুকুত প্ৰকৃতিয়ে বাগৰ সলাইছে। গ্ৰীষ্মৰ পাছত বৰ্ষা, শৰৎৰ পাছত হেমন্ত আৰু শীতৰ পাছত বসন্ত হৈছে।দিনৰ শেষত ৰাতি আৰু ৰাতিৰ শেষত দিন হৈছে। দিনৰ আকাশত বেলি আৰু ৰাতিৰ আকাশত জোন জিলিকিছে। চকুৰ প্ৰচাৰতে কিমানজন পঞ্চভূতত বিলীন হৈছে আৰু কিমানজনে জন্ম লভিছে তাৰ কোনো হিচাপ নাই। তথাপিও কিন্তু তোমাৰ প্ৰতি থকা মোৰ অপৰিসীম ভালপোৱাবোৰ সদায় একেদৰেই আছে। না তাক সময়ে সলনি কৰিব পাৰিছে, না পৃথিৱীৰ কিবা পৰিৱৰ্তনে।
এতিয়া মূল কথালৈ আহোঁ, মোক তোমাৰ অলপ সহায় লাগিছিল।
মোক অলপমান ঠাইৰ প্ৰয়োজন হৈছিল, ওৰে জীৱনৰ কাৰণে, ঘৰ সাজিবৰ বাবে। তাৰবাবে তুমি মোক চন্দ্ৰৰ বা মংগল গ্ৰহৰ মাটি দিব নালাগে, পাৰিলে তোমাৰ হৃদয়তে অলপ ঠাই দিলেই হ'ব। তাতে মই মোৰ সপোনৰ কাৰেংটি সাজিম। ইটাৰ প্ৰয়োজন নাই, তাৰ সলনি বিশ্বাস দিলেই হ'ব। বিলাতী মাটি আৰু বালিৰ সলনি মৰম, ভালপোৱা আৰু সন্মান দিবা। ৰাজমিস্ত্ৰীক মাতিব নালাগে, কেৱল তুমি আজীৱন মোৰ কাষত থাকিলেই হ'ব। নালাগে আনি দিব তুমি সৰগৰ পাৰিজাত, এপাহ গোলাপ নাইবা কপৌ দিলেই হ'ব কাৰণ তুমি কৃষ্ণ নহয়, নহয় মই কৃষ্ণৰ সেই ৰুক্মিণী।
আৰু বিশেষ একো নিবিচাৰোঁ, কেৱল মুক্ত আকাশৰ তলত তোমাৰ হাতত হাত থৈ ৰঙীন তুলিকাৰে আমাৰ সুখৰ ৰামধেনু আঁকিব বিচাৰোঁ। তোমাৰ চকুত চকু থৈ ৰাতিৰ আকাশত জিকমিক তৰাবোৰ গণি চাব বিচাৰোঁ।পুৱা দুৱৰিৰ পাতে পাতে লাগি থকা নিয়ৰৰ মুকুতা-মণি বুটলি আমাৰ আজন্ম প্ৰেমৰ মালা গাঁঠিব খোজোঁ।
শেষত, তোমাৰ মৰমবোৰ যদি অভিনয় নহয় ,তেন্তে ভালপোৱাবোৰক বাধা নিদিবা,বৈ যাব দিয়া সাগৰৰ দৰে,
চুবলৈ দিয়া নীলিম আকাশখনক। ভালপোৱা বৈ আহিব দিয়া উত্তপ্ত লাভাৰ দৰে, জোৱাৰ তুলিব দিয়া ছুনামিৰ দৰে। তোমাৰ হৃদয়ৰ পৰা নিগৰা এই মৰমৰ টুকুৰাবোৰ চিৰদিন আলফুলে সুমুৱাই থ'ম মোৰ কোমল কলিজাৰ মাজত। তোমাৰ প্ৰতি মোৰ ভালপোৱাৰ উমান সঠিককৈ দিব নোৱাৰিম, কিন্তু এষাৰ কথা ক'ব পাৰিম -তোমাক ইমান ভালপাওঁ যিমান ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, কলমেৰে লিখিব নোৱাৰি, নীলাভ আকাশৰো পৰিধি আছে, সাগৰৰ গভীৰতাৰো জোখ আছে। কিন্তু তোমাৰ প্ৰতি থকা মোৰ ভালপোৱাৰ কোনো পৰিধি নাই, নাই কোনো সীমা। যি বিস্তৃত অসীমলৈ, চিৰপ্ৰৱাহমান অনাদি অনন্ত কাললৈ।
এদিন পাৰিলে আহিবাচোন নদীৰ ঘাটলৈ, বাৰিষাৰ বৰষুণজাকত দুয়ো একেলগে তিতিম।
পুনৰ মৰম আৰু ভালপোৱাৰ অজস্ৰ ৰঙ সিচিলোঁ তোমাৰ মন বননিত আৰু আজিলৈ ইমানতে সামৰিলোঁ।

ইতি
তোমাৰ আজন্ম প্ৰেয়সী

✍️ৰিমাশ্ৰী কোঁছ
লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)