নাৰী তুমি অৰ্দ্ধ আকাশ-ৰীতা বৰুৱা

@admin
0
নাৰী! দুটি মাথোঁ বৰ্ণৰ অভিধাৰে তুমি মহিমাময়ী!
সৃষ্টিৰ আদিশক্তি তুমি
কাব্য-সঙ্গীত,সৌৰভ-সৌন্দৰ্য, প্ৰেম,ধৈৰ্য ন্যায়ৰ অস্ত্ৰধাৰিণী নাৰী ,তুমি বিধাতাৰ অমূল্য সৃষ্টি!
 তুমি কাৰোবাৰ জী, কাৰোবাৰ পত্নী,মা,ভগ্নী 
যিয়েই নোহোৱা, তুমি ঘৰৰ লখিমী,ঘৰ জেউতি।
সৰস্বতী ৰূপে কণ্ঠেৰে জ্ঞানৰ বীজ সিঁচা তুমি
দুৰ্গা ৰূপে দুষ্টক দমন কৰা তুমি
কালীও তোমাৰেই ৰূপ,ৰুদ্ৰাও তুমি,
প্ৰয়োজনত চণ্ডীও তুমি!
ধ্বংসও তুমি,সৃষ্টিও তুমি
তুমি আদি শক্তি মহিমাময়ী।
ভিন্ন অভিধাৰে মন্ত্ৰ মাতি
'ওঁ অসতো মা সদ্গময়ং...'
অন্ধকাৰৰ বজ্ৰ কপাট খুলি,
তমসাচ্ছন্ন আকাশক প্ৰজ্ঞাৰে আলোকিত কৰি,
ৰিক্ত হিয়াত দৃপ্ত বৰষুণ সিঁচা তুমি...
ইতিহাসৰ পাতে পাতে কেৱল তোমাৰ জয় জয় বাণী!
তুমিয়ে সীতা,দ্ৰৌপদী,অৰুন্ধতী ৰয়,
তুমিয়ে ইন্দিৰা গান্ধী নাইবা প্ৰতিভা পাটিল, কল্পনা চাওলাও তুমি,
তুমিয়ে মূলাগাভৰু, সতী জয়মতী,কনকলতা ,ভোগেশ্বৰী ফুকননী নাইবা অগ্নিকন্যা চন্দ্ৰপ্ৰভা, 
মাদাৰ টেৰেজা, ৰাণী গাইডালু,লক্ষ্মীবাঈও তোমাৰেই নাম...
সীমাহীন পৰিসংখ্যাৰে তুমি অদম্যা,জগত জননী 
জগত আছা জিনি।
পৃথিৱীৰ দৰেই সহনশীল,সূৰ্যৰ দৰে তেজস্বী,সমূদ্ৰৰ দৰে গভীৰ
ফুলৰ দৰে কোমল আৰু সুন্দৰ,চন্দ্ৰৰ দৰে শীতল দৈৱিক গুণেৰে বিভূষিতা তুমি !
তুমি মহিমাময়ী ,সৌদামিনী।
তোমাৰ ধৈৰ্যৰ সীমা আৰু শুদ্ধ আত্মাৰ নিনাদত কঁপি উঠে অসুৰ শক্তি ;
দেহৰ শান্তি,মনৰ শান্তি,আত্মাৰ শান্তিৰ বাণীৰে প্ৰেমৰ অফুৰন্ত ভঁৰাল তুমি!
তোমাৰ শব্দত সৰে 
যুগে যুগে লাঞ্চিতা, ধৰ্ষিতা,বিতাড়িতাৰ বজ্ৰ বাণী স্বাধীনতাৰ;
তোমাৰ কৰ্ম্মত বিচ্ছুৰিত হয় 
ক'লাজ সমতাৰ,একতাৰ, মানৱতাৰ।
নাৰী তুমি অৰ্দ্ধ আকাশ,
প্ৰকৃতিৰ বাঙ্ময় প্ৰকাশ ,
তোমাক প্ৰণাম!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)