নিসংগতা-নিতু মণি তালুকদাৰ

@admin
0
নিসংগতাই ৰিঙিয়াই 
সপোন সংগী বিচাৰি
 সময়ৰ বুকুত আজি সকলো 
সলনি
অতীতৰ কথাবোৰ আজি
অদৃশ্য বননিত
উলমি আছে 
স্মৃতিৰ জিঞ্জিৰিত
উত্তাল বননিও আজি 
উচুপি উঠে
তোমাক বিচাৰি 
এবাৰ চোৱাৰ আকুলতা
লগপোৱাৰ দৃঢ়তা
আজিৰ শূণ্যতা
সিমানেই গধুৰ 
যিমানেই আছিল
তোমাক 
লগপোৱাৰ মধুৰতা। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)