নতুনত্বৰ চিনাকি-চিন্ময় নাথ

@admin
0
নিয়ৰ সৰা ৰাতিপুৱা 
সৌ ... দূৰণিৰ 
বেলিটিৰ কিৰণে
পোহৰাই তুলিলে পৃথিৱী ।
ন-প্ৰভাতত চৰাইজাকেও
জুৰিলে নানা সংগীত ,
বৃক্ষজোপাও নাচিছে
আনন্দত হালি-জালি ।
সময়ৰ স'তে সূৰ্য্যই কৰে গতি
দুখ - যন্ত্ৰণাক এৰি ,
পুৰণিক পাহৰি 
নতুনৰ আশা কৰি ।
কাল অমানিশাক নেওচি
সূৰ্য্যই জিলিকাই ধৰিত্ৰী ,
তাতেই প্ৰমাণ হয় 
সূৰ্য্য কিমান সাহসী ।
ন-প্ৰভাতৰ ; সূৰ্যৰ ৰশ্মিত
গছৰ ডালত আছে ,
নিয়ৰৰ টোপাল জিলিকি
মণি-মুকুতাৰ নিচিনা কৰি ।
চৰাইজাকেও গছৰ ডালত 
মণি- মুকুতা দেখি ,
গায় অলেখ সংগীত 
আনন্দত মতলীয়া হৈ আজি 
এয়াই নতুনত্বৰ চিনাকি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)