প্ৰথমে এনেকুৱা নাছিলোঁ
কিন্তু এতিয়া প্ৰয়োজন আহি পৰিল
নিজকে সম্পূৰ্ণ সলনি কৰাৰ।
উম হয় আগৰ দৰে এতিয়া যে
মই সৰু ছোৱালীৰ দৰে
কামবোৰ কৰি নাথাকোঁ
কথাবোৰো নকওঁ কাকো
মাথোঁ প্ৰয়োজনত উত্তৰ দিওঁ
অভিমানো নকৰোঁ মই ।
কিয় নাজানোঁ আজিকালি চোন
বেছিকৈ দুখবোৰে হেচুকি ধৰে
নিজৰ দুখ বেদনাবোৰ মনৰ ভিতৰতে
সামৰি থৈ কষ্ট পালেও হাঁহি থাকোঁ
সেইবাবে চাগে সকলোৱে ভাৱে
মই বহুত সুখী হৈ আছোঁ
মোৰ কথাবোৰ কেৱল মইহে জানোঁ
আন কোনেও নাজানে মোৰ
অভিমানী হিয়াৰ কথা ।
ভিতৰি ভিতৰি মই বহুত ভাগি পৰিছোঁ
কাকো বুজাব নোৱাৰোঁ মই
কিন্তু অনুভৱ নিলিখি নোৱাৰোঁ বাবেইতো সদায় সঁচা শব্দবোৰ সাঁচি ৰাখোঁ ।
বিশেষ একো নাই মোৰ
কোনোবাই যদি মৰমতে মাতে
অভিমান মন সুখী হৈ পৰে অ
পলকতে আৱেগিক হৈ পৰে
আৰু যে আপোনবোৰ আঁতৰি গ'লে
অন্তৰখনে মনে মনে উচুপি উঠে
বৰ ঠুনুকা মোৰ অভিমানী হৃদয়খন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ