ভালপাওঁ বকুল ফুল - শিল্পী দাস

©Admin
0
সেই দূৰৰ গছজোপাৰ 
সেউজীয়া আঁচলৰ আঁৰে আঁৰে,
বকুল নামৰ ফুলে
বগা দাঁত উলিয়াই হাঁহে।

ৰাতিপুৱা দুৱাৰ মেলিলেই
বকুলে ৰিঙিয়াই মাতে,
দৌৰি গৈ দেখোঁ
প্ৰেমৰ কবিতা লিখে পাতে পাতে।

গছজোপাৰ আঁচলত বকুল ফুল 
ঘাঁহনিৰে লুটিয়াই পৰিছে,
দেখাত শ্বেত মুকুতা যেন
সূৰযৰ পোহৰে চিক্‌মিক্ কৰিছে।

ভালপাওঁ বকুল ফুল
মালা গাঁথো কবিতাৰ ভাষাৰে,
তোমাৰ বাবে মোৰ হিয়া
থোৱা আছে অতি যতনেৰে।

         ✍️শিল্পী দাস (প্ৰিয়)
  ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)