ক্ষমতা কেন্দ্ৰিক ৰাজনীতি বনাম বৰ্তমান সমাজ-নবীন চন্দ্ৰ মেধি

@admin
0
ৰাজনীতি সকলোতে বিৰাজমান । ক্ষমতা কেন্দ্ৰিক ৰাজনীতিয়ে আজি গোটেই বিশ্বজুৰি গ্ৰাস কৰিছে । সকলোতে মাথোঁ ৰাজনীতি । উঠোতে ৰাজনীতি , বহোতে ৰাজনীতি , খাওঁতে ৰাজনীতি , শুওতে ৰাজনীতি । এইদৰে ৰাজনীতিয়ে সকলোকে ভাগ ভাগ কৰি পেলাইছে । সমাজ সচেতন দুই চাৰিজন লোকে সমাজৰ হকে আগবাঢ়ি যায় । জাতি মাটি ভেটি ৰক্ষাৰ্থে ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে একাকাৰ কৰি একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰে । কিন্তু তাতো ৰাজনীতি । ভাল মানুহ সমাজত বৰ্তি থকা ইমান সহজ নহয় । 

ৰাজনৈতিক ক্ষেত্ৰখনত ৰাজনৈতিক দল সংগঠন সমূহৰ নেতাসকলে ঘোটোলা কৰি পেলাইছেই লগতে অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰখনতো তেখেতসকলে বিভেদৰ বীজ ৰোপিত কৰিছে । বিশ্ব বেংকৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিখন প্ৰদেশৰ সৰু-সুৰা বেংকসমূহতো চৰকাৰ তথা ৰাজনৈতিক দলৰ নেতাৰ চকু পৰিল । ফলত অসমৰ নিচিনা কিছুমান ৰাজ্যৰ বিলাই বিপত্তি নোহোৱা হৈছে । কোম্পানী সমূহক নাকি লগাবলৈ অপাৰগতা প্ৰকাশ কৰিছে । কিছুমান কোম্পানীক চৰকাৰে স্বেচ্ছাই ধ্বংস কৰিবলৈ চেষ্টা কৰিছে । ফলত সাধাৰণ জনতাৰ ওপৰত মাধমাৰ পৰিছে । এয়াই হৈছে অসমৰ অৰ্থনৈতিক অৱস্থা । 

সামাজিক ক্ষেত্ৰখনতো ৰাজনীতিৰ কৰাল গ্ৰাসে গ্ৰাস কৰিবলৈ এৰা নাই । সমাজৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানতেই আজিকালি ৰাজনৈতিক নেতাৰ দপদপনি । কিবা এটা অনুষ্ঠান অনুষ্ঠিত কৰা সময়ত ৰাজনৈতিক নেতাই ভীৰ কৰা দেখা যায় । কিছু কিছু ৰাজনৈতিক নেতাই দান দক্ষিণা আগবঢ়াই ৰাইজৰ মাজত সোমাই যাবলৈ সাজু হৈ থাকে । এতিয়াই বিশৃংখলতাই দেখা দিয়ে । কংগ্ৰেছ দলৰ নেতাই দিলে বিজেপি দলৰ লোকসকলে অসহযোগ কৰে , আকৌ বিজেপি দলৰ নেতাই দিলে কংগ্ৰেছ দলৰ সদস্য সকলৰ মাজৰ পৰা সহযোগিতা নাপায় । ফলত অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অৰাজকতাই দেখা দিয়ে । পৰিস্থিতি বেয়াৰ ফালে গতি কৰে । কিয়নো মূল পদবী সমূহ সেইসকল লোকে নিজৰ নিয়ন্ত্ৰণলৈ লৈ যায় । 

কবি সাহিত্যিক সকলৰ মাজতো ৰাজনীতি সোমাল । অসম সাহিত্য সভা এতিয়া সাহিত্য সভা হৈ থকা নাই । ৰাজনৈতিক সভা হ'ল । এতিয়া সাহিত্য সভাৰ বিষয়ববীয়া সকলৰ মাজত ৰাজনৈতিক নেতাৰ দপদপনি । যিয়ে মোটা অংকৰ বৰঙণি আগবঢ়াব পাৰে সিয়ে সাহিত্যিক হৈ পৰে । সাহিত্য সভাৰ বিষয়ববীয়া সকল ৰাজনৈতিক নেতা । সাহিত্য সভাৰ মজিয়াৰ পৰাই তেখেতসকলে ৰাজনৈতিক জগতত প্ৰত্যক্ষভাৱে প্ৰৱেশ কৰে । এয়া সকলোৱে দেখা পাইছে । কৰি সন্মিলন গঠন কৰি দুই এখন আলোচনী সম্পাদনা কৰাৰ পিছত যেতিয়া কাৰোঁবাৰ নাম নিজতকৈ অধিক জনপ্ৰিয় হ'বলৈ গৈ থকা দেখা পায় তেতিয়া তলে পুতল আমাৰ অসমীয়া সমাজখনৰ একাংশৰ জ্বলন আৰম্ভ হয় আৰু কেনেকৈ তেওঁক পদচ্যুত কৰিব পৰা যায় তাৰ চিন্তাত ব্ৰতী হৈ পৰে । এয়াই হৈছে অসমৰ ৰাজনীতি । 

ধৰ্মীয় দিশৰ সৈতে সংপৃক্ত হৈ পৰা আন এটা নাম হ'ল ৰাজনীতি । ধৰ্মৰ ক্ষেত্ৰত সকলো লোকৰ ব্যক্তিগত স্বাধীনতা আছে । কিন্তু আজিকালি ৰাজনৈতিক নেতাই হে যেন নিৰ্ধাৰণ কৰিব কোনে কোন ধৰ্মৰ নীতি নিয়ম পালন কৰিব । হিন্দুত্ববাদী নেতাসকলৰ উৎপাতত অন্য ধৰ্মৰ লোকসকলৰ বিলাই বিপত্তি নোহোৱা হৈছে । অসমৰ অসমীয়াই আজি নিজকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত মূল একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ পৰা পৃথক হৈ পৰিছে । নিজকে হিন্দু হিন্দু কৰি হিন্দুত্ববাদী নেতাসকলৰ হাতৰ পুতলা হৈ পৰিছে । 

মুঠতে আজি দেশ চাই ভেশ ল'বলৈ বাধ্য হৈ পৰিছে । যেনে ৰজা তেনে প্ৰজা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)