কবিতা যেন কবিৰ হৃদয়ৰ ভাষা - নিপু কুমাৰ দাস

©Admin
0
কবিতা তুমি মোৰ জীৱন বাসনা
জীৱন গঢ়াৰ সাধনা 
পূৰ্ণ কামনা ।

ৰিক্ত হৃদয় ,
আৰু হ’ব নে পূৰ্ণতাৰে 
তোমাৰেই বুকুতেই জীৱন গাঁথা ।

হেৰুৱাৰ বেদনা তুমি নুবুজিলা ।
নুবুজিবা মনৰ বেথা
আৰু কতনা !

আশা নিৰাশা ,
আশাবোৰ যেন আশা হৈ 
সৰিব কেতিয়াবা মন দাপোনত

তুমি তুমিতো মোৰ জীৱন মালিতা 
প্ৰাণৰ প্ৰাণত কবিতা 
দুখৰ গাঁথা 

তোমাৰ মোৰ 
কলিজা! দুখৰ যাতনা
কালৰাত্ৰিৰ ধুমুহা বুকুতে ভেদি

তুমি শব্দ বৰ্ষাৰণ্যৰ চিত্ৰকল্প
নিঃশব্দে শব্দ বুকুত 
গজালি মেলা 

কবিতা তুমি
কবিৰ হৃদয়ৰ ভাষা   
আহ্লাদিত গানৰ সুৰৰ ৰাগিনী ।

✍️নিপু কুমাৰ দাস 
কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)