--"তোমাক সেইকাৰণে কৈছিলোঁ ৰহিম বিজ্ঞান শাখাত পঢ়াব নালাগে, এতিয়া আকৌ বাহিৰলৈ পঠাব লাগিব।"
উফ্! চৌদিশৰ পৰা কেইবাডালো শৰ আহি কাণত বিন্ধিলেহি। নিতৌ নৱ্য আক্ষেপ বুলিবলৈ একো নাই। পুৱা শুই উঠাৰ পৰা একে কেইখন মুখৰ পৰা একে কেইটা কথাই ওলায়। গাঁৱত চৌদিশে ভোমোৰাই হে যেন গুণগুণাই আছে।
দেৱলীনা বৰা ! মাতৃহীন লীনা ৰহিমৰ একমাত্ৰ কন্যা। এইবাৰ উচ্চতৰ মাধ্যমিক চূ়ড়ান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ সহ বিজ্ঞান বিভাগত ৮৮% নম্বৰসহ উৰ্ত্তীণ হৈছে। ওচৰৰে কলেজখনত যেনিবা হায়াৰ চেকেণ্ডেৰীলৈকে পঢ়িলেই, এতিয়া কথা হ'ল ইয়াৰ পিছত তাই ক'ত পঢ়িব? বাপেকৰো পঢ়াবলৈ ইচ্ছা , নিতৌ হাজিৰা কৰি যিমান ধন পাই তাইৰ লগতে শেষ কৰিছে।
তাইৰো পঢ়িবলৈ মন, ডক্টৰ হোৱাৰ হেঁপাহ। এটা সামান্য জ্বৰ হ'লেই হাহাকাৰ লগা গাঁওখনক তাইৰ সহায় কৰিবলৈ মন।
কিন্তু চৌদিশৰ পৰা এটাই শব্দ ছোৱালীয়ে চায়েন্সত পঢ়িব নালাগে, ছোৱালী মানুহ চহৰলৈ যাব নোৱাৰে। চহৰলৈ গ'লে বেয়া হ'ব, চহৰৰ আধুনিকতাৰ মাজত সোমাই সকলো পাহৰি যাব, জাত যাব। মুঠতে অনেক বাক্য।
মেট্ৰিক দিয়াৰ পিছতেই অনেকে কৈছিল তাইক "লীনা তই এতিয়া পাছ কৰিলি মেলিলি, এতিয়া আৰু তাঁতখনকেই শিক! বোৱা - কটায়েই ছোৱালীৰ কাম।"
উহ! বোৱা - কটাৰ বাদে এই বিশাল পৃথিৱীখনত ছোৱালীয়ে কৰা বেলেগ কাম নাইয়ে নেকি? প্ৰজন্মৰ পৰা প্ৰজন্ম আহি থাকিব, বেলেগ কাম কৰিবলৈ শিকিব নালাগে নেকি? জীৱন গঢ়াটো দেখোন বংশানুক্ৰমিক চৰিত্ৰত নপৰে, বিজ্ঞানৰ ভাষাত ই এটা আৰ্জিত চৰিত্ৰ যি জীৱই জীৱন কালত অৰ্জন কৰে। এই জীৱন গঢ়াটো মানুহৰ মুখৰ সাঁচ , চুলি , চকুৰ ধৰণ নহয় যে মাক - দেউতাকে বা পূৰ্ৱজন্ম মানুহে তাঁত বৈ খাইছিল কাৰণে আজিৰ প্ৰজন্ময়ো খাব।
এতিয়া কি অজ্ঞানতাৰ সাগৰত ডুব গৈ থকা গাঁওবোৰ কোনেও পোহৰাব নালাগে!!
এফালে ছোৱালীয়ে আকাশ চুইছে ইফালে গাঁৱৰ ছোৱালীয়ে তাঁতৰশাল আৰু জোহালৰ বৰ পিড়াখনৰ পৰা উঠিবয়ে পৰা নাই। কাষত কলহলৈ নৈ পৰা পানী আনিবলৈ যাওঁতেই যি ৰ'দৰ পোহৰ দেখিছে। তাৰ বাদে!!
বহুত বাধা - বিঘিনি নেওচি হ'লেও তাই ওচৰৰ গাঁওখনৰ কলেজখনত হায়াৰ চেকেণ্ডেৰীলৈকে পঢ়িল।
এতিয়া আকৌ আৰম্ভ হৈছে, আবেলি আবেলি দুৱৰী দলিছাত বহি লৈ বিয়নিমেলবোৰ বহিবলৈ লৈছে। তাই জানে এইকেইদিন তাইৰ বাদে বেলেগ কথা আলোচনা নহয়।
"আয়!! জীয়েকক মূৰৰ ওপৰলৈ উঠাইছে, চায়েন্সত পঢ়াইছে। লোকৰ ঘৰত কাম কৰা লগুৱাটোহৈ আকাশত চাং পাতিছে। অামিবোৰে কি এতিয়া নোখোৱাকৈ আছোঁ নেকি? সৌ তাহানিতে আয়ে অ, আ, ক, খ কেইটা পঢ়োৱাকে মনত পৰে , আমাক গাভৰু নৌ হওঁতেই নীতি কথাহে শিকাইছিল। আইৰ তাঁতশালখনেই হাতৰ মুঠী, চাবিকাঠি। এনে....ব..ৰ মানু.. হৰ জীয়েক, হায়াৰ চেকণ্ডেৰীটো বাৰু পঢ়িলি; গাঁৱত কেতিয়াবা কিবা এটা দিহা দিবলৈকে লাগে। এতিয়া আকৌ তাই বেটিৰ চহৰলৈ যাবলৈ মন, গাঁৱৰ ভাতে অতা নাই। জখলাডাল ক'ত আছে দেখিছে কি নাই ভৰিটোহে মেলিছে। চাবিচোন মনৰ মাক তহঁতে মই যদি এনেই কৈছোঁ কি অৱস্থা হ'ব!!"
"হয় হয় সোনাইৰ মাক আপুনি ঠিকে কৈছে , নহয় অ' চহৰত ধৰিব নোৱাৰি নহয়, যাৰ - তাৰ হাতে খাই জাত যাব।"
"ঐ গাঁওবুঢ়াক কথাটো কাণ চোৱাই থ'ব লাগিব , বুইছ; জীয়েকো যাব, এঘৰীয়াও হ'ব নে কি কৱ....হি হি হি!!"
আকৌ বাজি উঠে হাত চাপৰি আৰু খিলখিল হাঁহি। ইমান অংগী - ভংগী দি কথা কয়, দেখিলে এনে লাগে যে বলিউদৰ কোনোবা অভিনেত্ৰীহে ।
ঘুনুক - ঘানাককৈ কথাষাৰ গাঁওবুঢ়াৰ কাণতো পৰিলগৈ। তেওঁ ৰহিমক মাতি পঠালে...
--" মোক মাতিছিল ডাঙৰীয়া?"
--" অ' ৰহিম বহ বহ।"
--" হ'ব ডাঙৰীয়া।"
--" জীয়েৰক বোলে চহৰলৈ পঠাবি? মই জানো বাৰু তই এনেকুৱা কাম নকৰ হ'লেও..."
--"ভাবিছোঁ তাকে"
--"তোক ভালকৈ কৈছোঁ, চা ৰহিম , গাঁৱৰ ছোৱালী বাহিৰলৈ যাবলৈ দিয়া নহ'ব। ক'ত কি কৰি থাকিবগৈ তই গম পাবি জানো?"
--" তাইৰ পঢ়িবলৈ বৰ ইচ্ছা ডাঙৰীয়া, অনুগ্ৰহ কৰি দিয়ে যেন।"
--" অনুগ্ৰহৰ দৰকাৰ নাই। পঢ়াবলৈ খুজিছ পঠাইদে , তোৰ ছোৱালী তোৰ কথা। ভাল হ'লে তোৰেই ভাল বেয়া হ'লে তোৰেই বেয়া। এনেও বাৰু চহৰত গৈ ভাল হ'ব যে আশা নাই। কিন্তু গাঁৱৰ বাহিৰ যেতিয়া হ'ব তহঁতক সমাজৰ পৰা এঘৰীয়া কৰা হ'ব আৰু যদি কেনেবাকৈ গাঁৱৰ বদনাম আনে তহঁত একেবাৰে ওলাই যাব লাগিব গাঁৱৰ পৰা। এতিয়া যা। বাকী তোৰ কথা কি ভাল দেখ!!"
দেউতাকে আহি তাইক কোৱা কথাষাৰে দেৱলীনাক খুলি খুলি খাইছে। তাইতো বাহিৰতেই থাকিব, দেউতাকে অকলশৰে কি কৰিব? বেমাৰ এটা হ'লে কোনে চাব? ক'ত কাম কৰিব? তাইক পঢ়াবলৈ পইচা ক'ত পাব? তাইৰ কি সপোন সাৰ্থক নহ'ব নেকি? জোখতকৈ বেছি ডাঙৰ সপোনলৈ হাত মেলিলে নেকি তাই?
হাজাৰ প্ৰশ্নবোধকে তাইৰ মন - মগজু গ্ৰাস কৰিলেহি।
তেনেতে ৰহিমৰ সৰু মোবাইলটো বাজি উঠিল---
--" হেল্ল' কোনে ক'লে?"
--" মই ড° আৰ কৃষ্ণ শইকীয়া মানে দেৱলীনাৰ বায়'লজি টিচাৰে ক'লো।"
--"হয় চাৰ নমস্কাৰ।কওঁকচোন এই অভাজনলৈ কিয় ফোন কৰিলে বা!"
--"ফোনটো স্পেচিয়েল কাৰণতে কৰিছোঁ , দেৱলীনাৰ দ্বাৰা আপোনালোকৰ গাঁৱৰ কথাটো অলপ অচৰপ গম পাইছোঁ বাৰু। ভাৱিলোঁ কথাটো আপোনাক জনাওঁ যে তাইৰ পঢ়াৰ খৰচটো মই দিম।
ছোৱালীজনী ভাল, তেনেকৈ তাইক আমি হেৰুৱাব নোৱাৰোঁ। তাই পঢ়িবলৈ মন মেলা কলেজখনো আমাৰ ঘৰৰ ওচৰতে , তাই ইয়াতে থাকি ল'ব পাৰিব।"
--" আমাক আৰু লাজ নিদিব চাৰ। আপুনি বাৰু থকাৰ ব্যৱস্থাটোকে কৰি দিব, মই বাপেকটো আছোঁ যেতিয়া বাকীবোৰ দিম।"
--"চাওঁক , আপুনি কথাটো বুজা নাই, ডক্টৰ পঢ়াটো সহজ নহয়। খৰচৰ পৰিমাণ বহুত বাঢ়িব আগতকৈ। আপুনি দুগুণ কষ্ট কৰিব লাগিব। বয়সৰ অনুপাতে আপুনি নিজৰ দেহাটোলৈ চাওঁকচোন।"
--"চাৰ আপোনাক কি বুলি ধন্যবাদ দিম, আপোনাৰ বহুমূলীয়া ধাৰ কেতিয়াও আদায় কৰিব নোৱাৰিম।"
--" আপুনি কিয় কান্দিছে, আৰু ধাৰ বুলি কৈছে যে, দিয়া আপোনাৰেই নহয় আমাৰো ছোৱালী ; তাই দেশৰ ছোৱালী।" চাব এদিন আপোনাৰ এই চকু পানী হাঁহিলৈ ৰূপান্তৰ হ'ব । আপুনি চাই থাকক সময়ৰ লগে লগে সকলো সলনি হ'ব।"
সন্ধিয়া সাত বাজিছে, গাঁৱৰ নামঘৰৰ বাটচৰাত মেল বহিছে। কাইলৈ দেৱলীনা চহৰলৈ যাব। সেই উদেশ্যে মেল বহিছে।
গাওঁবুঢ়াই ক'বলৈ ধৰিলে ---
" বাৰু ৰহিম তোক বহুত বুজালো, নুশুনিলি আমাৰ কথা। বাদদে সেইবোৰ বাৰু, কপালত যি লিখা আছে সেয়ে হ'ব । জীয়েক কাইলৈ পুৱাই যাব। আমিতো এনেদৰে এৰি দিব নোৱাৰোঁ। গাঁৱৰ ছোৱালীক আজিলৈকে বাহিৰলৈ পঠিওৱা নাই, তাই নিয়ম ভাঙিছে।
হয় দহ হাজাৰ টকা মাননি ধৰ, নহ'লে তোক আজিৰ পৰা এঘৰীয়া কৰিলোঁ। আজিৰ পৰা তই গাঁৱৰ কাৰো ঘৰলৈ যাব নোৱাৰিবি।"
আকৌ এবাৰ ৰহিমৰ মূৰত সৰগ ভাগি পৰিল । দহ হাজাৰ মাননি!! অলপ বেছিয়েই হোৱা নাইনে।
দেৱলীনাৰ আৰু সহ্য হোৱা নাই। তাই খঙতে দাঁত - মুখ কামুৰিছে। এনেও সিহঁতক এঘৰীয়া কৰিলেই। তেনে এখন স্বাৰ্থপৰ সমাজৰ আগত আৰু মনে মনে থাকিব পাৰিনে?
তাই দেইতাকক উদ্দেশ্যি কৈ উঠিল ----
"দেউতা তুমি মাননিৰ চিন্তাত আছা নেকি?
বাদ দিয়া , এওঁলোকৰ হাজাৰ কি কোটি কোটি মাননি দিলেও পেট নভৰে। দহ হাজাৰ টকা দি চহৰলৈ গুছি হ'লে পাপ নোহোৱা হৈ নাযায়।
আৰু কিমান দিন এই স্বাৰ্থপৰ সমাজৰ আগত মূৰ দুৱাবা?
এনে এখন পৰ উন্নতি দেখিব নোৱাৰা চকুচৰহা সমাজৰ বজৰুৱা মানুহৰ ওচৰত সৰু হৈ লাভ নাই।
নিজৰো আত্মসন্মান বোলা বস্তুটো আছে ন। আপোনালোকক মই মাননি উচিত সময়ত দিম দিয়ক।
দেউতা ব'লা।"
তাই দেউতাকক প্ৰায় টানি অনাদি লৈ আহিল।
একেলগে কেইবাখনো মুখে গৰজি উঠিল ---
"গোসাঁনী বেছি ওপৰলৈ উঠিছে, ৰাইজৰ লগত তৰ্ক কৰা দোষে চুব চাবি। আৰু কিমান দিন! ঘৰৰ ভেঁটি চপৰা - চপৰে খহিব। লোকক বজৰুৱা কয়, নিজে চহৰলৈ গৈ ক'ৰ গঙ্গাজলত....."
পিছৰখিনি বচন শুনিবৰ বাবে হয়তো সেইসময়ত তাই তাৰ পৰা বহুদূৰ আঁতৰি আহিছিল।
পুৱাৰ ৰ'দ - কাঁচলিয়ে আহি কথমপি বসুন্ধৰাত প্ৰলেপ সানিছেহি । তাই লৰা - লৰিকৈ উঠি গাটো ধুই গোঁসাই ঘৰত সেৱা এটা কৰিছে। দেউতাকে বেগ এটাত কিবাকিবি অলপ ভৰাই দিছে। তলমূৰ হৈ থকা মুখখনৰ চকুৰ পতাৰে অলপ পানী নিগৰিছে। আস: চকুপানী! তাই দেখা নোপোৱাকৈ দেউতাকে কান্ধৰ গামোচাখনেৰে চকুলো মোহাৰিছে।
আজিৰ পৰা মানুহজন অকলশৰীয়া হৈ পৰিব।
পাঁচবছৰ কম সময়নে! একমাত্ৰ জীয়েকক এৰি থকাটো।
কামৰ পৰা সন্ধ্যা উভতি আহি টিপ চাকিৰে বেৰৰ জলঙাইদি জিলিকি থকা ঘৰখন আজিৰ পৰা আন্ধাৰ হৈ থকা পাবহি।
কামৰ পৰা অহাৰ পিছত ঠাণ্ডা পানীৰ গিলাচটো আজিৰ পৰা নিজেই লৈ খাব লাগিব।
জীয়েকলৈ বুলিয়েই মাছ দুটুকুৰা যেনেতেনে অনা ঘৰখনে আৰু কিমান দিন মাছ - মাংস নেদেখিব তাৰ জানো ঠিকনা আছে!
আৰু বেছি দেৰি নাই। ন বজাৰ বাছখনত উঠিব লাগিব। ৰহিমে সাঁচতীয়া পোন্ধৰ শ টকাটো তাইৰ হাতত তুলি দি নিজলৈ মাত্ৰ বিশ টকা এটা ৰাখি থৈছে। ক'ব নোৱাৰি চহৰৰ বাট , কিমান বা পইচা লাগে! তেওঁ গোঁসাই ঘৰৰ দুৱাৰ মুখত বাৰে বাৰে সেৱা জনাইছে। মনত এটাই ধাৰণা কষ্টবোৰ সফল হয় যেন; যিমানখিনি পাৰে ত্যাগ স্বীকাৰ কৰিছে।
দিনবোৰ তেনেকৈয়ে পাৰ হৈ গৈছে। ঘৰখনত তাই নথকা এবছৰেই হ'ল। তথাপিও এইয়া যে দহ বছৰৰ সমান। ৰহিমে কষ্ট কৰিছে। পুৱা সাত বজাৰ পৰা ৰাতি সাত বজালৈকে কাম কৰিছে। কামৰ নামত দিহিঙৰ এবুকু পানীত খোজ পেলাইছে। নৈৰ চাকনৈয়াই সিৰা কঁপাইছে। সেইবোৰ ভ্ৰূক্ষেপ নাই। কেতিয়াবা ৰাতিৰ সাঁজ খাইছে; কেতিয়াবা ভাগৰুৱা দেহাটো তেনেদৰেই পৰি ৰৈছে। ঘৰটো উৱলিছে।(ৰাইজৰ দোষে চোৱা নাইতো!! )
কোনো কোনোৱে পদূলিৰ পৰা ভূমুকিয়াই চাই বেঁকা হাঁহি মাৰিছে। ৰহিমৰ কেতিয়াবা ক'বলৈ মন যায়..
"অ' চাব চাব, পৰ চৰ্চা কৰি থাকোতেই মুখ থেকেচা খাই পৰিব।"
কিন্তু ক'ব নোৱাৰে তেওঁ।
বহুতবাৰ ভাঁহি আহিছে ৰহিমৰ কাণলৈ এষাৰ কথা ---
"জীয়েকক চহৰত পঢ়াই, তাৰ অৱস্থা চা এতিয়া আওমৰণে মৰা।"
আজি ৰহিমহঁতৰ গাঁওখন লোকে - লোকাৰণ্য হৈ পৰিছে। ৰাতিপুৱাৰ পৰাই বহুতো গাড়ী - মটৰৰ অহা যোৱা চলি আছে। গাঁৱৰ হস্পিতালখন আজি উদ্ধোধন কৰাৰ কথা। ডা: দেৱলীনা বৰা বিশিষ্ট অতিথি তথা ডক্টৰ ৰূপে উপস্থিত থাকিব।
সভাখন লাহে লাহে আৰম্ভ হৈছে। দেৱলীনাক দুৱাষাৰমান ক'বলৈ অনুৰোধ জনাইছে। তাই মুখত আজি এটা প্ৰশান্তিৰ হাঁহি ---
"মইনো কি ক'ম আৰু গাঁৱৰ ৰাইজৰ আশীৰ্বাদতেই এইখিনি সফল হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ এনে এখন সমাজ দিয়াৰ বাবে যি সমাজে ছোৱালী চহৰত পঢ়িবলৈ গ'লে শাওপাত দিয়ে। আপোনালোকে আমাৰ কাৰণে ইমানখিনি নকৰা হ'লে হয়তো আজি মোৰ লক্ষ্য সম্পূৰ্ণ নহ'লহেঁতেন, আপোনালোকৰ মাননি বাবদ মই এইখিনি কাম হাতত ল'লোঁ , গাঁৱৰ মানুহক বিনা পইচাৰে চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হ'ব । বাকী ক'বলগীয়া নাই মোক ইমানখিনি হিংসা কৰাৰ বাবে ধন্যবাদ।"
আজি যেন তাই সকলো ক্ষোভ আঁতৰাই দিছে। বহুত দিনৰ পৰা অশান্তিত থকা মনে আজি প্ৰশান্তি লভিছে........। আৰু ৰহিম!! আজি সেই মলিয়ন গামোচাখন ডিঙিত নাই, আজি ৰহিম নামৰ মানুহজন বৰমানুহৰ পৰা আঁতৰ হৈ চুকত বহিব লগা হোৱা নাই। আজি সেইয়া ৰহিম নহয়, দেৱলীনাৰ দেউতাক। ফুলবচা গামোচাখনিৰে ৰহিম আজি ডেকা বিহুৱাযেন লাগিছে। চুকত পৰি ৰোৱা আত্মা আজি মঞ্চত স্থান পাইছে। আজি ৰহিমে নিজৰ কষ্টৰ ফল নহয়, দেৱলীনাৰ দেউতাক বুলি পৰিচয় দিবলৈ পাই স্বৰ্গ সুখ অনুভৱ কৰিছে.....!! আজি " ঐ ৰহিম , এইফালে আহ" শীৰ্ষক বাক্যৰ বানবোৰ কানলৈ ভাঁহি অহা নাই, বৰং মাইক্ৰ'ফোনত বাজি উঠিছে "দেৱলীনাৰ দেউতাক ৰহিম ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব.....।" অলপ বেছিয়েই কোৱা নাইনে বাৰু, মাইকৰ শব্দবোৰ দেখোন আজি বতাহৰ তালে তালে উৰা মাৰিছে । হয়তো গাঁৱৰ সকলো মানুহৰ কাণত পৰিবৰ বাবে শব্দটো যথেষ্ট হৈছে........।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ