ডায়েৰিৰ চকুপানী -নাজিৰুল হক

©Admin
0
মোৰ বুকুত দুখ লিখাৰ দিনৰ পৰা মোৰ উচুপি থকাৰ অন্ত নপৰিল। কত যে দুখ, কত যে আশা,কত আকাংক্ষা লুকাই ৰাখিছে মোৰ বুকুত। প্ৰেয়সী 'পখিলী'ৰ কথা লিখিছে --"শিমুলৰ তলত বহি তুমি অহা বাটৰ পিনে চাই ফাগুনৰ মলয়া বতাহৰ কোব খাই বাৰে বাৰে পৰিছো তোমাৰ প্ৰেমত।" সহস্ৰ মানৱৰ পৃথিৱীত নিজ এখন পৃথিৱী গঢ়াৰ সপোন ৰচিছে মোৰ বুকুত।মোৰ বুকুত প্ৰতিদিনে শত শত দুখ লুকাইছে। বন্ধুত্বৰ মায়া,আপোনজনৰ মায়া,আইৰ কান্দোন কিমান যে শোক চিয়াঁহীৰে নিগৰিছে।জীৱনৰ তৰংগ বোৰৰ মাজে মাজে পথ বিচাৰি উগুল - থুগুল খোৱা পদচাৰী ব্যাকুল হোৱাৰ দৃশ্য মোৰ বুকুত আঁকিছে। মায়াজালত বন্দী আত্মাৰ মুকুতি বিচাৰি কাকূতি কৰি নেদেখাজনৰ আগত অৰ্পিত কৰা চিঠিখনিও মোৰ হাতেৰে পঠিয়াব বিচাৰিছে। যান্ত্ৰিক হাবিখনত নিজৰ অস্তিত্ব বিচাৰি নোপোৱা আত্মাই দুখবোৰ কাকো ব্যাখ্যা কৰিব নোৱাৰা দেখি "ডায়েৰি" নামৰ পদাৰ্থ,মোৰ চকুলো বৈছে।ৰাতিৰ নিজানত কান্দি কান্দি,পুৱতি নতুন দিনৰ আশাত হাঁহি হাঁহি জাগি উঠা আত্মাই কিমান আৰু দুখ সহিব হে ভগৱান।

                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)