তাই-নয়না নাথ

@admin
0
ক'ৰবাত বিচাৰি ফুৰো হেৰাই যোৱা তাইজনিক
কেতিয়াবা বৰকৈ মনত পৰে 
তাইৰ চঞ্চল চকুহালি , 
তাইৰ হাঁহি , তাইৰ সজীৱতা খিনি । 
হঠাৎ সৰু হৈ পৰা পৃথিৱীখনিত 
এতিয়া গজি উঠে মাথো , 
তাইৰ কলিজাৰ উচুপনি । 
বিষাক্ত হৈ পৰা তাইৰ চহৰখনিত 
হাঁহিবোৰ এতিয়া নিষিদ্ধ ,
নিষিদ্ধ তাইৰ প্ৰেম , 
নিষিদ্ধ তাইৰ বুকুভৰা আব্দাৰ অভিমান।
যেন হেৰাই যাব তাই 
যি চহৰ হ'ব আৱেগ শূণ্য ।

                                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)