শিতানৰ গাৰুটি সেমেকি উঠিছে বিষাদত
ওৰে ৰাতি উজাগৰে পুৱাও তোমাৰ ভাৱনাতে
তুমি যোৱাৰ পৰা বুকুৰ কামিহাড়বোৰ
দেখোন ঠেংঠেং কৈ চোন ওলাইছে মোৰ
থিক শুকান বাঁহৰ আগেলিবোৰৰ দৰেই
প্ৰেম ভালপোৱা এনেকুৱাই নে মৰম পাহৰে
কলিজা জ্বলাই যন্ত্ৰণাত কত নিশা নীৰৱে
তুমি হীনতাত হেনো ধূসৰ মোৰ মন-মগজু
কি স'তে পাহৰিব পাৰোঁ মই এই জীৱন গাঁথা
স্মৃতিৰ পাপৰিত জীয়া ছবিৰ অবুজ সাঁথৰ
আজিও মনে নেমানে তুমি নোহোৱাৰ কথাকেই
লাহে লাহে হেৰাই যাব সুখৰ অনুভূতিবোৰ
কলিজাৰ ধপধপনি যেন বাঢ়িছে কত
বিষবাস্প হৈ বুকুৰ বিষাদ উপত্যকাত
কলিজাৰ গোপন কুঞ্জত তোমাৰেই হি গান
ৰাতিৰ গভীৰতাৰ গভীৰ কিমান বেদনাদায়ক
তুমি কি দৰেই বুজিবা প্ৰেমৰ চল চাতুৰীত-----!
✍️নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ