ফাগুন তুমি অনন্যা•লিস্মিনা মৰাণ

Rinku Rajowar
0
আজি ফাগুনৰ পুৱা বেলাতেই
নামি আহিল এজাক পছোৱা,
সেউজ গছৰ কোমল কুঁহিপাত
নামি আহিল শুকান ফাগুন হৈ,
আকাশে-বতাহে উৰি ফুৰিছে
ফাগুনৰ জয়গান,
ফাগুন আজি মুক্ত মতলীয়া হৈ
নাচি উঠিছে প্ৰতিজনৰ হিয়াত
গছে-বনে, আকাশে-বতাহে
লৈ আহিছে
কেৱল ফাগুনৰ বতৰা,
বলীয়া ফাগুনৰ ৰূপে তুলিছে
খলকনিৰ সৃষ্টি
ফাগুন তুমি অনন্যা।

✍️লিস্মিনা মৰাণ
তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)