কবিতা মোৰ জীৱন - কংকন ডেকা

©Admin
0
কবিতাৰ লগত
 মোৰ প্ৰেম বহুত
 আগৰে পৰা।
 এই কবিতাই
 দোভাগ ৰাতি
 সাৰে থাকে মোৰ 
হৃদয়ৰ কোঠাত।
 মোক হাজাৰ হাজাৰ 
সপোন দেখাই যায়।
সুখ-দুখ, অভিমান, বিশ্বাস,প্ৰেম, জীৱন,
মৰণৰ সপোন দেখাই যায়।
 সেই সপোনবোৰে 
কলমৰ চিয়াঁহীৰে বৈ
অহা শব্দমালা।
 নতুন সপোনে
 ডায়েৰীৰ পৃষ্ঠাত
 আনন্দৰ সোণালী
  বীজ সিঁচে।।
  কবিতাই দূৰ কৰে
  মোৰ ক্লান্তি ভাগৰুৱা 
  জীৱন! 
   দি যায় মোৰ হেৰোৱা
  সকলো সুবাস। 
  কবিতাৰ বুকুতে 
  বিচাৰোঁ  মাথোঁ
  মোৰ শান্তি ।।
 সেয়ে বাৰে বাৰে
 মই কবিতাৰে
 প্ৰেমত পৰোঁ আৰু
 লিখি যাওঁ মাথোঁ ভাষাহীন কবিতা।
        
✍️কংকন ডেকা
     বৰুৱাজানী,কামৰূপ
     ফোন নং-৯৯৫৪১০১৮৮৭

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)