অবুজ হিয়াক মই কিনো বুজনি দিম?
এই পাগল হিয়াখনক মই ব্যাখ্যা কৰিব পাৰিম জানো?
মোৰ অদৃশ্য বেদনাবোৰ!
পাৰিম জানো কেতিয়াবা শান্তনা দিব?
প্রতিটো পল মনত পৰি থাকে সেই অচিনাকিলৈ।
সেই অচিনাকি অভিমানী হিয়াখনলৈ।
বুজি পাই জানো তাইৰ সিক্ত হিয়াখনে?
অনুভৱ কৰিব পাৰে জানো মোৰ হিয়াৰ কান্দোন?
তাইৰ সেই প্রচণ্ড শিলসদৃশ হিয়াখনে বুজি পাই জানো মোৰ অনুভৱী হিয়াৰ কল্পনাবোৰ?
মইতো পাগল!
আৰু এই পাগল অপদাৰ্থটোৰ মৰমৰ অকণো মূল্য নাই নে?
হিয়াৰ কান্দোনবোৰ বৰ বেদনাদায়ক!
হিয়াৰ স্পন্দনৰ প্ৰতিটো তৰঙ্গৰে বৈ যায়,
সেই অভিমানী হিয়াৰ পৰশ।
লীন হৈ পৰে তাইৰ ভাৱনাত।
বুজি পাব জানো মোৰ বেদনাময় হিয়াৰ মৰম?
বুজি পাব জানো মোৰ বেদনাময় পাৰ হোৱা সময়বোৰ?
হিয়াৰ কান্দোনবোৰ বৰ বেদনাদায়ক।
অবুজ হিয়াক মই কিনো বুজনি দিম?
পাগল হিয়াখনক মই কিনো ব্যাখ্যা
কৰিম?
অবুজ হিয়াখনক লাগে মাথোঁ তুমি,
তুমি আৰু তুমি।।
✍️নাজিৰুল হক
চিলঙনী,নগাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ