কবিতাজনী উকমুকাই আছিল।
ফাগুনৰ ধূলিয়ৰি পৃষ্ঠাৰ মাজত,
উশাহ ল’ব পৰা নাছিল
বেচেৰী বন্দিনী কবিতাই।
উচপিচাই আছিল,
মোৰ বুকুৰ কুঠৰীত।
নিসংগ জীৱনত মোৰ,
নিলিখা পৃষ্ঠাবোৰৰ মাজত
কবিতাই একমাত্ৰ জীৱন সংগী।
যোৱা ৰাতি চতিয়াৰ প্ৰথম বৰষুণ জাকত,
সাৰ পাই উঠিছিল।
ইমান দিনে মন খুলি কান্দিব নোৱাৰা,
খুলি দিলে আজি তাই কান্দোনৰ বন্ধ দুৱাৰ।
এতিয়া কোনেও নেদেখিব দুচকুৰ,
হেজাৰ বিজাৰ গোট মাৰি বৰফ হোৱা
বৰষাৰ প্ৰথম বৰষুণে ধুৱাই দিলে বিষাদৰ চকুলোঁ।
ফাগুনে লঠঙা কৰা মোৰ কবিতাজনীক,
আকৌ নতুন সাজ পিন্ধাই গাম বসন্তৰগান।
মই আশাবাদী,
হতাশ নহয়
কবিতাই হৈ ৰওঁক মোৰ
শ্বাস প্ৰশ্বাস,স্পৰ্শ স্পন্দন
সুখ দুখ, হাঁহি কান্দোন জীৱন লগৰী।
মই থকালৈকে কবিতা হৈ জীয়াই থাকিব,
আৰু কবিতা থকালৈকে মই হৈ জীয়াই থাকিম।
মোৰ প্ৰতিটো উজাগৰী ৰাতিৰ সপোন,
নিসংগ নহয় মই কবিতা থকালৈকে ।
✍️প্ৰাণজিৎ দাস
বাক্সা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ