ৰ'দালিয়ে লাহেকৈ হাঁহিছে চৌদিশ উজ্বলাই। ঠাণ্ডা দিন বুলিয়েই ৰাতিপুৱা বিছনাৰ পৰা উঠি আহিবলৈ এলাহ। আনদিনা টোপনিৰ পৰা সাৰ পাইয়ে বিছনাত এনেই শুই থাকে এলাহতে। কিন্তু দুদিনমানৰ পৰা ৰাগিনীৰ মনটো অশান্ত হৈ আছে।সময় এতিয়া ৰাতিপুৱা ৬ টা বাজিছে।ৰাতি টোপনি যোৱা নাছিল বাবেই চাগে তাইৰ মূৰটো বৰকৈ বিষাইছে।চকুকেইটা টানি ধৰিছে। কোনোবাই তাইক চিঞৰি আছে বাহিৰৰ পৰা।চকুদুটা মোহাৰি বিছনাৰ পৰা উঠি আহি দেখে তাইক নিবলৈ মোমায়েক আহিলেই।
ঃ মামা আহিলা।
ঃউম তই ওলোৱা নাই যে এতিয়ালৈ।
ঃ বেছি দেৰি নালাগে ৰব আধাঘণ্টাতে হৈ যাব। আপুনি ট্ৰেইন ষ্টেচনলৈকে থ'বগৈ নে?
ঃ তালৈকে যাম ৯ বজাত ট্ৰেইন আছে।টিকট কাটিলো।লগত আৰু কোনোবা যাবনে? অকলে যাবি।
ঃ অকলে যাম মই।
ঃকিয়নো যাব লাগে ইয়াতে থাক চোন।
ঃইয়াত থাকিনো কি কৰিম মামা। আপুনি বহক মই ওলাই আহোঁ।
সঁচাকৈ ইয়াত থাকিনো কি কৰিব তাই।ভিৰৰ মাজত থাকিও চোন তাই নিঃসংগতাৰ গভীৰতাত সোমাই যায়।ইয়াত বেছিকৈ কষ্টহে দিয়ে তাইক। ঠুনুকা হৃদয়খনে কিমাননো কান্দিব।কিমান আৰু অভিনয় কৰি তাইক মৰম কৰা মানুহৰ মাজত জীয়াই থাকিব তাই।এইযে মামা বুলি মাতিছে।আচলতে এও তাইৰ কোনো তেজৰ সম্পৰ্কৰ মোমায়েক নহয়। মোমায়েকজনেও তাইক মৰম কৰে। কিন্তু তাইৰ ভয় হয় আনৰ দৰেই যদি মোমায়েক জনেও তাইক এদিন ভুল বুজে।
কিছুসময় পিছত তাই মোমায়েকৰ লগত ট্ৰেইন ষ্টেচনলৈ ওলাই গ'ল।১৫ মিনিটতে তাত পালেগৈ।তাইক থৈ মোমায়েক ঘৰলৈ গুছি আহিল। ট্ৰেইন আহিবলৈ আৰু আধাঘণ্টা।হাতৰ ঘড়ীটো আৰু ট্ৰেইন আলিটোলৈ বাৰে বাৰে চাইছে তাই।তাইৰ চকুযুৰিয়ে কি বিচাৰি ফুৰিছে ইমান সময়ে।ওচৰতে ৰৈ থকা ছোৱালীজনীয়ে তাইৰ সেমেকা চকুযুৰিলৈ চাই বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে।তাই সেইবোৰ গুৰুত্ব দিয়া নাই। মাথোঁ যিমান দূৰলৈকে পাৰি সিমান দূৰলৈকে তাই বৰ হেঁপাহৰে চাইছে। কিজানিবা তাই অনুৰাগক দেখা পায়।কালি ৰাতিয়ে তাই অনুৰাগক তাই গুছি যোৱাৰ কথা কৈছিল।অনুৰাগৰ লগত তাই একাত্ম হ'ব ধৰিছিল, মনৰ সকলো কথা আলোচনা কৰিছিল, একপক্ষীয় চাগে তাই অনুৰাগৰ প্ৰেমত পৰিছিল। কিন্তু হঠাৎ কি হৈ গ'ল তাই একোৱে ধৰিব নোৱাৰিলে। বহুত দিন তাই অপেক্ষা কৰিলে। অকলশৰীয়া নিঃস্তব্ধ সময়ে তাইক আকৌ সংগ দিলে।অনুৰাগৰ সান্নিধ্যত তাই জীয়াই থাকিব বিচাৰিছিল। কিন্তু তাই অনুৰাগৰ জীৱনৰ পৰা আঁতৰি যোৱাটোৱেই উচিত হ'ব বুলি ভাবি যাবলৈ ওলালে। তাত গৈ তাই কেনেকৈ থাকিব, কেনেকৈ সময়বোৰ কটাব সেয়া ভাবি বুকুখন কপিছে।
সময়মতে ট্ৰেইন আহিল কিন্তু অনুৰাগ নাহিল।তাইৰ দুচকুৰে চকুলো বৈ আহিল। তাই ট্ৰেইনত বহিল। নিৰ্দিষ্ট সময়ত তাই সেই ঠাই পালেগৈ।গোটেই সময়চোৱা তাইৰ মনলৈ অনুৰাগৰ কথাই আহি থাকিল।
ট্ৰেইনৰ পৰা নামি তাই অট'ত উঠিবলৈ বুলি যাবলৈ লৈছিল।ফোনটোলৈ বাৰে বাৰে চাইছে। কিজানি অনুৰাগে ফোন কৰে।তাই অনুৰাগৰ মাতষাৰ শুনিবলৈ অপেক্ষা কৰি আছে।
ৰাস্তা পাৰ হওঁতে তাইৰ ফোনটো বাজি উঠিল।উম হয় অনুৰাগে ফোন কৰিছে।তাই যাৰ বাবে ৰৈ আছিল তেওঁ তাইলৈ ফোন কৰিছে। দুচকুৰে আকৌ চকুলো বাগৰি আহিল।
ঃ অনুৰাগ।
ঃ তোমাক কিমান কম মই।মোক তুমি আমনি কৰি নাথাকিবা। কিমান বাৰ ক'ব লাগে মোলৈ ফোন মেছেজ নকৰিবা।
ঃ শেষবাৰৰ বাবে এটা কথা কবানে?
ঃ কোৱা! আৰু দ্বিতীয়বাৰ ফোন নকৰিবা।
ঃ হ'ব অনুৰাগ তোমাক আৰু কেতিয়াও আমনি নকৰোঁ। মই গুছি যোৱাৰ পিছত এদিন হয়তো তুমি মোৰ অভাৱ অনুভৱ কৰিবা। তেতিয়া তুমি মোক বিচাৰিলেও কাষত নোপোৱা।
ঃ হ'ল তোমাৰ কথা কোৱা। এতিয়া তোমাৰ কথা শুনি থকাৰ ইচ্ছা নাই মোৰ।
অনুৰাগৰ কথা শেষ হোৱা নাছিল।তাই ফোনটো কাণত লৈ ৰাস্তা পাৰ হ'ব লৈছিল। দুচকুৰ চকুলোৰ বাবে তাই একো দেখা নাছিল। ৰাস্তা পাৰ হওতেই তাইক গাড়ী এখনে খুন্দিয়াই দিলে।
অনুৰাগক কোৱাৰ দৰেই তাই হেৰাই গ'ল। অনুৰাগৰ বাবে অপেক্ষা কৰি এতিয়া তাই ব্যাকুল হৈ নাথাকে।সঁচাকৈ চাগে অনুৰাগৰ বাবে তাই বোজা হৈ আছিল। চিৰদিনৰ বাবে ঘূৰি নহাকৈ অপেক্ষা কৰি তাই হেৰাই গ'ল। আধৰুৱা হৈয়ে ৰ'ল ৰাগিনীৰ অনুৰাগক লৈ দেখা সপোনবোৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ