বিষণ্ণ ফাগুন-জুপিতৰা দাস

©Admin
0
শুনিছোঁ ফাগুন আহিছে
ক্ষত-বিক্ষত কিমানৰ হৃদয়ত 
পলাশ, মদাৰৰ জুই জ্বলাই
কবিতাত ফাগুন হ'ব প্রেম
ফাগুন হ'ব বিচ্ছেদৰ গান
উন্মাদিত হৃদয়ত 
খলকনি তুলি  
এই ফাগুনেই হ'ব 
নিলাজ প্রেমিক
আকৌ সেই ফাগুনেই হ'ব
এচাম প্রেমিকৰ হিয়া ভঙা চিঞৰ !
তথাপিও ফাগুন প্রিয় 
মোলৈও ফাগুন আহিছিল
এক চঞ্চলা ফাগুন !
সৌ শিমলুজপা দেখিছেনে?  
তাতেই ৰচিছিলোঁ
উতনুৱা ফাগুনৰ প্ৰেমৰ গান
চিলাখন উৰুৱাবলৈ খোজতেই
হঠাৎ সেই ফাগুন উগ্ৰ হৈ পৰিল
সৰাপাতৰ দৰে সৰি পৰিল
প্রেমৰ এখিলা এখিলা পাত 
এতিয়া চঞ্চলা ফাগুনীলৈ  
মোৰ বৰ ভয় লাগে 
তুমি ফাগুন হৈ নাহিবা 
সহিব নোৱাৰিম শিমলুৰ জুই
তেজৰঙা পলাশ জোপাইও নুবুজে
আহত হৃদয়ৰ যন্ত্ৰনা কিমান 
মদাৰৰ ৰঙাই বুজিব জানো
 বিচ্ছেদৰ যন্ত্রণা কিমান? 
শুনিছোঁ ফাগুন আকৌ আহিছে 
লগত আনিছে নেকি কোনোবা প্রেমিকৰ 
ভঙা ছিঙা হিয়াৰ টুকুৰা ?
নে আনিছে ৰুক্ষ হৃদয়ত মৰহি যোৱা 
বেদনাসিক্ত মৰম অভিমানৰ টোপোলা ?

       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)