অভিমানৰ সৈতে সামৰি লোৱা,
মোৰ অনুভৱবোৰ
এবাৰ হৃদয়ঙ্গম কৰি চোৱা।
মোৰ অভিমানী মনটো উৰি গৈ
বাৰে বাৰে তোমাতে থমকি ৰয়,
কিয় নাজানো,
তোমাৰ এষাৰি মাত শুনিলেই
মোৰ এই মন, আকাশৰ
বিশালতাৰ মাজত উৰি ফুৰে।
আজিকালি নিশাটো
উজাগৰে কটাও,
নিজান ৰাতিৰ
নিয়ৰৰ টোপালৰ শব্দৰে,
শব্দৰ মালা গাঁথি
সেই শব্দৰে আকৌ
কবিতা লিখোঁ,
যাৰ শিৰোনাম তুমি।
তোমাৰ চকু জুৰিৰ
কথানো কি কʼম ?
ইতিমধ্যে বশ কৰি পেলালে
তোমাৰ চকু জুৰিয়ে মোক।
কল্পনাহীন পৃথিৱীত
কল্পনাৰ ন ৰহণ সানিলা তুমি,
হৃদয়ৰ নিভাঁজ কোণত
এতিয়া কেৱল তোমাৰেই প্ৰতিচ্ছবি।
তোমাৰ ওঁঠৰ ফাঁকেৰে
বিয়পি পৰা হাঁহিটো
কোনো জোৱাৰতকৈ কম নহয়,
যেনেকৈ জোৱাৰে
সাগৰত ঢৌ তোলে,
ঠিক তোমাৰ হাঁহিটিয়ে
মোৰ হৃদয়ত মৰমৰ ৰহণ সানে।
পাৰিলে তুমি চুলি খিনি
মেলি ৰাখিবা চোন,
মেলা চুলিয়ে তোমাক এক
ন ৰূপ প্ৰদান কৰে
যি ৰূপতে বিভোৰ মই...
মোৰ এই ভাৱনাবোৰ এটা আশাতেই
সযতনে ৰাখিছোঁ,
কিজানি ভাৱনাৰ জৰিয়তেই তুমি
মোৰ হৃদয়ৰ স্পন্দন শুনিবা বুলি।
আজি, আৱতৰীয়া বৰষুণজাকে
বৰকৈ আমনি কৰিছে,
মোৰ কিন্তু বৰষুণ প্ৰিয়
তোমাৰো বৰষুণ প্ৰিয় নহয় জানো?
নহʼব নো কিয়
এই বৰষুণেই আমাক
মৌনতাৰ পৰা শব্দৰ পৃথিৱীলৈ
লৈ যায় ।
কথা এটা মনলৈ আহিল,
তুমি দিয়া প্ৰথম বাৰ্তাটো
আজিও মনত আছে মোৰ,
তুমি যে কৈছিলা মোৰ কবিতাবোৰ
তোমাৰ প্ৰিয় বুলি,
তেতিয়াৰে পৰা হয়তো তুমিও
মোৰ প্ৰিয় হৈ পৰিলা,
নজনাকৈয়ে....
তোমাক এপাহ গোলাপৰ দৰে
সজতনে ৰাখিব বিচাৰোঁ,
যাৰ সুগন্ধি কেৱল মই লʼম।
তোমাক কবিতাৰ ৰাগি কৰি
ৰাখিব বিচাৰোঁ,
যিটো কবিতাৰ কবি মই হʼম।
তোমাক গীতৰ সুৰ কৰি
ৰাখিব বিচাৰোঁ,
যিটো গীতৰ সুৰকাৰ মই।
মোৰ মৰমবোৰ
আবেগৰ এটি টোপোলাত
সাঁচি ৰাখা তুমি,
মোৰ অভিমানৰ টোপোলাটো
তোমাকে গটালো,
সজতনে ৰাখিব
মোৰ অভিমানবোৰ।
✍️বাস্তৱ বৰুৱা
চামগুৰি, নগাঁও,অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ