বসন্তৰ আগমন - ভাস্বতী কলিতা

©Admin
0
বসন্তৰ আগমনত 
মৰহি যোৱা গছকেইজোপাই 
প্ৰাণ পাই উঠিছে।
সেই গছৰ ডালত,
আকৌ কপৌ ফুলৰ সুবাস, 
আনফালে কুলি চৰাইজনীয়ে 
ৰাইজৰ পদূলিত 
ইনাইছে বিনাইছে।
মাথোঁ বহাগ আহিছে
তাকে শুনি ডেকা গাভৰুৰ
মন নাচি উঠিছে।
নাচনী ভনীয়ে চেনাই লৈ বুলি
বিহুৱান লগাইছে,
চেনাইয়ে আকৌ নাচনী ভনীলৈ
বুলি কপৌফুল বিচাৰিছে ।
এই সকলোবিলাক দেখি শুনি
নবীন তৰুণ ,
লেখকসকলে লিখিছে
বহাগ আহিল, গছে পাত সলালে
প্ৰতিজন অসমীয়াৰ তেজত
ৰঙালীৰ ৰং লাগিল।।
            
✍️ ভাস্বতী কলিতা
      ভেৰুৱা, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)