পৰিৱৰ্তন•আছাদুৰ ৰহমান

@admin
0
গড় হত্যাৰ পৰা ৰক্ষা পালে অসম 
হাতীৰ কৱলত পৰি সদায় গৈ আছে মানুহৰ জীৱন 
এয়াই পৰিৱৰ্তন।

ৰাস্তাঘাট হৈ আছে উন্নতি কিন্তু শিক্ষা ব্যৱস্থাই কৰিছে তলপিনে গতি, 
পঢ়া-শুনা কৰি বহি আছে বহুতো যুৱক-যুৱতী 
চৰকাৰে ওলিয়াই আছে 
নতুন নতুন আঁচনি

তথাপিও দেশখন গৈ আছে নিৱনুৱাৰে ভৰি ।

দিনকদিনে বৃদ্ধি হৈছে অসমত চিকিৎসালয়
 কিন্তু চিকিৎসাৰ বাবে অসমৰ মানুহে 
হায়দৰাবাদ, চেন্নাইলৈহে যাবলগীয়া হয়।

মূল্য বৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক
 টকাৰ মূল্যও কমি গৈছে আন্ত:ৰাষ্ট্ৰীয় বজাৰত।

এখনৰ পিছত এখনকৈ হৈ আছে দলং
 কিন্তু গৰাখহনীয়া সমস্যাৰ সমাধান নাই 
চৰকাৰৰ হাতত
এয়াই পৰিৱৰ্তন ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)