প্ৰেমিক চৰাই মই - হাইছ উদ্দিন আহমেদ

©Admin
0
তুমি যিটো ভাবিছিলা
হয়তো তুমি ভবাৰ দৰে
মই হ'ব নোৱাৰিলোঁ
আৰু চাগে হ'বও নোৱাৰিম।

তুমি যিটো বিচাৰিছিলা
হয়তো তুমি বিচাৰৰ দৰে
মই একোৱেই দিব নোৱাৰিলোঁ
আৰু চাগে দিবও নোৱাৰিম।

তুমি যিটো কেতিয়াও ভবা নাছিলা
সেইটোৱেই কৰি গৈছিলোঁ
তোমাক বহুত ভাল পাইছিলোঁ
তোমাক বহুত সন্মান কৰিছিলোঁ
শ্ৰদ্ধাৰে মই তোমাক মোৰ হৃদয়ৰ মাজত
সযতনে ৰাখিছিলোঁ।

কিন্তু তুমি মোক বুজিয়েই নাপালা
যিদিনা তুমি মোক বুজিলা
বহুত দেৰি হৈ গ'ল
তুমি বুজিব পাৰিছা চাগে এতিয়া 
মোতকৈ বেছি তোমাক কোনেও 
ভাল পোৱা নাছিল
ময়ও বহুত কান্দিছিলোঁ
এতিয়া তুমি কান্দি আছা।

এটা কথা ক'বলৈ পাহৰিছিলোঁ
তুমি মোক বহুবাৰ ব্লক কৰিছিলা
ব্লক কৰিলেই সম্পৰ্ক শেষ হৈ নাযায়
এইটো চাগে তুমি বুজিও নুবুজিলা
আচলতে তুমি জনাই নাছিলা।

মোৰ ভালপোৱা কোনোদিনে 
ম'বাইলৰ ভালপোৱাটো নাছিল 
মোৰ ভালপোৱা হৃদয়ৰ হে আছিল
জীৱনৰ শেষ মুহুৰ্তলৈকে
তোমাকেই ভাল পাই থাকিম
মই কোৱা কথাটো তুমি পাহৰি গৈছিলা।

মই ভুল কৰা নাই তোমাক ভাল পাই
মই ভুল কৰিছোঁ, কেতিয়াও ভালপাব নাপায়
ভুল কৰিছোঁ , তোমাৰ দৰে নিষ্ঠুৰ প্ৰেয়সী পায়
এতিয়া জুকাই থাকে মোক , ৰাস্তাত লগ পায় ।

ছলনাৰে বাতিল কৰিলা মোক 
তোমাৰ জীৱনৰ পৰা, কৰিলা অহেতুক 
এতিয়া পাহৰি নাযাও ভোক
নিদ্ৰাত পাও কত সুখ ।

তোমাক এতিয়া কম লগ পালে 
প্ৰেমিকক কেতিয়াও ৰূপত নফচাবি 
মোৰ দৰে প্ৰকৃত প্ৰেমিক ক'তো নাপাবি ।

✍️হাইছ উদ্দিন আহমেদ 
                নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)