অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীৰ ৰঙালী বিহু উদযাপন পদ্ধতি - নাছিৰ আহমেদ

©Admin
0
বিহু অসমৰ জাতীয় উৎসৱ। জাতি -ধৰ্ম-বৰ্ণ -নিৰ্বিশেষে অসমৰ সকলো জনগোষ্ঠীৰ মানুহে বিহুৰ বিনন্দীয়া ৰূপত বিভোল হৈ নানা ৰং-ৰহইচত মতলীয়া হৈ পৰে।
প্ৰতিটো বিহু উৎসৱৰ লগত সাঙোৰ খাই আছে ভালে সংখ্যক সুনিৰ্দিষ্ট লোকাচাৰ,ভাৱবোধ, লোক-বিশ্বাস, ৰং-ৰহইচ, খেল-ধেমালি আৰু নৃত্য-গীতৰ অনুষ্ঠান।
এইবিলাক অৰ্থনৈতিক , সামাজিক, ধৰ্মীয় দিশৰ অনেক প্ৰয়োজনীয় উদ্দেশ্যৰ পৰিপূৰক। কৃষি উৎপাদন বৃদ্ধি,পশুধন লালন-পালন, আধ্যাত্মিক আচৰণ, স্বাস্থ্যৰক্ষা তথা শৰীৰ চৰ্চা, প্ৰেম-প্ৰীতি, শ্ৰদ্ধা নিবেদন,ভাৱৰ আদান-প্ৰদান, গঞা, জাতি, আৰু আলহী অতিথিক সেৱা -সৎকাৰ , বল-শক্তি আহৰণৰ প্ৰয়াস, পৰিয়াল আৰু গাঁওবাসীৰ মঙ্গল কামনা, সামাজিক বন্ধন আৰু ঐক্য-সংহতি -সম্প্ৰীতি আদিৰ তাৎপৰ্য নিহিত হৈ আছে।
বিহু উৎসৱৰ কাৰ্যকলাপ তথা লোকাচাৰবোৰত আকৌ বহু যুগ যুগ ধৰি অতি প্ৰাচীন কালৰে পৰা অনেক জনগোষ্ঠীৰ জাতি -উপজাতিৰ সাংস্কৃতিক উপাদানৰ সু-সমন্বয় ঘটিছে।
আনহাতে সকলো লেখক-গৱেষকে এই কথাত একমত যে, অন্য বহু লোক উৎসৱৰ দৰে বিহুও মূলতঃ কৃষি-ভিত্তিক উৎসৱ।
ভাষাতাত্ত্বিক দিশৰ পৰা " বিহু" শব্দৰ উৎস বিভিন্ন দৃষ্টিকোণেৰে বিশ্লেষণ কৰা পৰিলক্ষিত হৈছে।
ড° মহেশ্বৰ নেওগ দেৱে লিখিছে --- " বিষুবৎ" এই সংস্কৃত শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে।
ড° প্ৰফুল্ল দত্ত গোস্বামীয়ে "অসমীয়া জন সাহিত্য" গ্ৰন্থত এনেদৰে লিখিছে --"প্ৰাচীন ভাৰতৰ " বিষুৱণ" দিনত আদিত্য আদিৰ যজ্ঞ কৰা হৈছিল খেতি-বাতিৰ মঙ্গলৰ বাবে।
কিছুমান পণ্ডিতে বড়ো ভাষাৰ " বৈখৎ" শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। চৈয়দ মহিবুল্লাই" আমাৰ সংস্কৃতিৰ ৰেহৰূপ "গ্ৰন্থত সম্ভৱতঃ অষ্ট্ৰিক সকলে লুইতৰ পাৰত বিকাশ লাভ কৰাৰ সময়ত কৃষিজীৱি ৰাইজৰ উৰ্বৰতা বৃদ্ধিৰ বিশ্বাসৰ  ভিত্তিত এই বিহু উৎসৱৰ উৎপত্তি হৈছে।
ড° লীলা গগৈ দেৱে " বিহু" শব্দটো টাই ভাষাৰ " বৈহু" শব্দৰ পৰা আহিছে। বৈ মানে পূজা,হু মানে গৰু।
যি কি নহওঁক, অসমৰ বিভিন্ন জনগোষ্ঠীয়ে এই বিহু উদ্ উৎসৱ কেইটিক বিভিন্ন নামেৰে বিভিন্ন পদ্ধতিত উদযাপন কৰাৰ দৰে অবিভক্ত গোৱালপাৰা জিলা তথা অসমৰ পশ্চিম সীমান্তৰ দেশী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত এই ৰঙালী বিহু উৎসৱক চ'ত বিষমা বা বিষুৱা, সাত বিষমা বা বিষুৱা আৰু মাঘ বিহুক পুষনা বা দোমাসী নামকৰণেৰে নিজস্ব পদ্ধতিত উদ্ যাপন কৰা দেখা যায়।
অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰেই এই দেশী জনগোষ্ঠীৰো ৰঙালী বিহু তথা বিষমা বা বিষুৱা সম্পূৰ্ণ ৰূপে কৃষি-ভিত্তিক। 
চ'ত-ব'হাগৰ দোমাহী, যাক মহা বিষুৱ বা চ'ত সংক্ৰান্তি বুলি কোৱা হয়, দেশী জনগোষ্ঠীৰ লোকসকলে ইয়াক চৈত বিষমা বা বিষুৱা বুলিহে কয়। এই চৈত বিষমা বা বিষুৱাৰ দিনাই কেঁহা, টেঙা,জ্বলা, নিমখীয়া, তিঁতা এই পাঁচবিধ খায়। আৰু ঘৰৰ সমুখ দুৱাৰৰ ওপৰৰ পাৰিত তিঁতা গছৰ ঠাৰি ( নিম গছ বা কেঁহৰাজ গছৰ) পাতেৰে সৈতে ওলমাই ৰাখে। 
ব'হাগ বিহু বা ৰঙালী বিহুৰ পথাৰত বা মঞ্চত নানা যৌৱনোদৃপ্ত লয়লাস ভংগীৰে নৃত্য-গীত প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে দেশী জনগোষ্ঠীয়ে ইয়াক মেলামুখী উৎসৱলৈ পৰিণত কৰে আৰু এই উৎসৱটি একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ'ত সংক্ৰান্তিৰ দিনটোক চৈত বিষমা বা বিষুৱা আৰু শেষৰ দিনৰ উৎসৱটিক সাত বিষমা বা সাত বিষুৱা কোৱা হয়।

  এই চ'ত সংক্ৰান্তিৰ দিনাৰ পিছত লোক-বিশ্বাসৰ ভিত্তিত চড়ক পূজা বা চড়ক মেলা বুলি এটি অনুষ্ঠানো সাত দিন ধৰি মহা ধুমধামেৰে উদ্ যাপন কৰা দেখা যায়।
এই চড়ক মেলা দেশী জনগোষ্ঠীৰ এক সামূহিক অনুষ্ঠান বুলি কব পাৰি।
প্ৰায় দহ-বাৰজনীয়া দলটোৰ মূলটোক "চক্ৰেয়া" বুলি কয়। তেওঁৰ নিৰ্দেশনাতেই সাতদিন ধৰি নানা পূজা উপাসনা পৰিচালিত হয়।
প্ৰথম দিনা ৰাতিপুৱাৰ ভাগত দেওবংশীয়ে ভক্তি সহকাৰে ঘট স্থাপন কৰে। ঘটত আমৰ পাত,এৱা সুতা , সেন্দুৰ দিয়া হয়। তাৰ পিছত দলটিয়ে ঢাক-ঢোল বজাই বজাই বজাৰত গৈ গৰু, ধানৰ বীজ কিনে। ইয়াক " বাজাৰ কৰা" বোলে। ৰাতিভাগত ঘট স্থাপন কৰা মণ্ডপটোৰ সন্মুখ ভাগত দলবোৰে হাল বোৱা,ধান কটা অনুষ্ঠান কৰি দেখুৱায়। অনুষ্ঠানবোৰ নৃত্য-গীতেৰে মুখৰিত কৰি তোলা হয়।
এই অনুষ্ঠানতে অবিভক্ত গোৱালপাৰা জিলাৰ তথা নামনি অসমৰ দেশী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত বিশেষকৈ উল্লেখযোগ্য " গোৱালিনী নৃত্য" পৰিৱেশন কৰা হয়।
" গোৱালিনী গোৱালিনী হাটিয়া আইসে ধীৰে
ৰাজাৰ বেটা কানায়া তোক কেনেবা ডাকাইছে ,
গোৱালিনী গোৱালিনী তোৰ মাথাত চাদৰ
গোৱালিনী নাচ কৰে বাংলাৰ ভিতৰ। "
দ্বিতীয় দিনাখন ধান মৰণামাৰা,বাৰা ভুকা ( ধান বান্ধি চাউল উলিওৱা আৰু লক্ষ্মীঘৰত থোৱা কাৰ্য) চোতালত বোকা মাটি কৰি  মাটিয়া খেল খেলোৱা হয়।
তৃতীয় দিনা কাঁটা ভাঙা কাৰ্য যেনে, ৰভাতলৰ একাষে শ্মশান কালীৰ প্ৰতীক কলগছৰ জোপাৰ তলত কাঁটাৰ ( কাঁইট) ডালবোৰ ৰাখি তাৰ  ওপৰেদি খোজ কাঢ়ি যোৱা, বাগৰি খট দি যোৱা লগতে গদা আৰু আন চৰিত্ৰৰ সংলাপ আৰু কথোপকথনেৰে গোটেই অনুষ্ঠানটি হাস্যমুখৰ কৰি তোলা হয়।
চতুৰ্থ দিনাখন মাছ মৰা, বাঘ ধৰা, মৰা মানুহক জীওৱা দৃশ্যই দৰ্শকক আমোদ দিয়ে।
পঞ্চম দিনাখন চণ্ডীকাছ। চণ্ডীয়ে মুখত মুখা, হাতত তৰোৱাল,ডিঙিত নৰ মুণ্ডৰ মালা পৰিধান কৰি নৃত্য কৰে। ষষ্ঠ দিনাখন সতী পাৰ্বতী -শিৱৰ বিয়া। নাৰদে এই বিয়াৰ ঘটকালি কৰে। শেষৰ দিনাখন হয় চড়ক ঘূৰা । এই চড়ক মেলা বা পূজা নামতহে পূজা, কিন্তু এই চড়ক মেলা বা পূজাত কৃষিজীৱি ৰাইজৰ জীৱন নিৰ্বাহৰ বিভিন্ন দৃশ্য পৰিৱেশন কৰা দেখা যায়। সেয়ে এই অনুষ্ঠানত দেশী জনগোষ্ঠীৰ কোঁচ ৰাজবংশী, কলিতা,দাস, কৈৱৰ্ত ব্ৰাহ্মণ আৰু দেশী মুছলমানসকলে স্বতঃস্ফূৰ্ত ভাবে অংশ গ্ৰহণ কৰে। এই চড়ক মেলা বা বিষমা বা বিষুৱা আৰু সাত বিষমা বা বিষুৱাৰ মেলাত আবাল-বৃদ্ধ-বনিতা সকলোৱে দলেবলে যায় আৰু মেলাত গৰম গৰম জিলাপী আৰু ৰসগোল্লা সন্দেশ উপভোগ কৰে আৰু সৰু সৰু ল'ৰা-ছোৱালীক খেলৰ পুতলা, বাঁহী,জুনুকা আদি কিনি দিয়ে। ল'ৰা-ছোৱালীবোৰে এইবোৰ লৈ খেলি খেলি,  বেলুন ফুলাই, জুনুকা পিন্ধি  পে পে বাঁহী বজাই সাতদিন ধৰি ৰং - ৰহইচ কৰি থাকে। ডাঙৰ সকলে বজাৰ-সমাৰ কৰি পৰম তৃপ্তি লাভ কৰে।
 এই বিষমা বা বিষুৱাত দেশী জনগোষ্ঠীয়ে তেওঁলোকৰ আদৰৰ জাতীয় অনুষ্ঠান "কুশান নৃত্য" প্ৰত্যেক ৰাতি প্ৰদৰ্শন কৰে।
থুলমূল ভাবে এয়ে হ'ল দেশী জনগোষ্ঠীৰ বিষমা বা বিষুৱা অনুষ্ঠান। ৰঙালী বিহুৰ দৰে এই বিষমা বা বিষুৱাৰ ওপৰত কালক্ৰমত বিভিন্ন ধৰ্মীয় প্ৰভাৱ পৰিলেও এই উৎসৱসমূহ মূলত কৃষিজীৱি ৰাইজৰ বিভিন্ন ৰং-ৰহইচৰ বৰ্ণাঢ্য অনুষ্ঠান। 
এই অনুষ্ঠানসমূহ দেশী জনগোষ্ঠীৰ লোকসকলে অতি নিষ্ঠাৰে উদ্ যাপন কৰাৰ উপৰিও ৰঙালী বিহু বা ভোগালী বিহুৰ বাৰে-বৰণীয়া ৰূপ -ৰং-ৰস-সৌন্দয্য উপভোগ কৰি দেশী জনগোষ্ঠীৰ প্ৰত্যেক জন ব্যক্তিয়ে আনন্দত আত্মহাৰা হৈ পৰে। অসমীয়া জাতিৰ এয়ে মূল বৈশিষ্ট্য।

✍️নাছিৰ আহমেদ 

শিমলাবাৰী গোৱালপাৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)