ফাগুন হৈ নাহিবা মাথোঁ-দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
তুমি মোৰ বাবে কেৱল
 চঞ্চল বলিয়া ফাগুন হৈ নাহিবা 
ব'হাগৰ ৰাগিত উন্মনা হ'বলৈ
আজীৱনৰ বাবে আহিবা জীৱনলৈ।
প্ৰণয়ৰ সমুদ্ৰ তীৰত সাঁতুৰিবলৈ
মৰমৰ জোনাক সিঁচি তুমি
মগন হ'বলৈ আহিবা মোৰ জীৱনলৈ 
তুমি মোৰ বাবে কেৱল
ফাগুনৰ প্ৰেম হৈ নাথাকিবা
আজীৱনৰ বাবে হৃদয়ৰ প্ৰেম হৈ
মোৰ সাহস হৈ থাকিবা দেই ।
মোৰ ভাললগা গ্ৰন্থৰ পৃষ্ঠাৰ
সুৱাস হৈ সদায় ৰোৱানা তুমি
 ফাগুনৰ কবিতা হৈ ফাগুনতে
হেৰাই নাযাবাচোন তুমি
জোনাকৰ গধূলিত তুমি মোৰ
জোনাকী নিশাটো মধুৰ কৰিবলৈ
থাকিবা নোৱাৰিবানে সঁচাকৈ।
উমি উমি জ্বলি উঠা ভাৱনাৰ
এসাগৰ আৱেগৰ শব্দবোৰ
তোমাৰ নামত পোহৰ হ'বলৈ দিবানে?
আলফুলে সামৰি ৰাখিব পাৰিবানে?
স-যতনে ৰাখিব পাৰিবানে
মোৰ আলসুৱা হৃদয়ত থকা 
তুমি নামৰ  প্ৰেমৰ উপত্যকাটি।
ভাঙি যাবলৈ যে দিব নোৱাৰোঁ
ফাগুনতে তোমাক লৈ দেখা সপোন
প্ৰতিটো সময়তে জীপাল কৰি
আজীৱনৰ বাবে জীয়াই ৰাখিব বিচাৰোঁ
মাথোঁ নামটো ফাগুনৰ থাকি যাব
কাৰণ তুমিতো জানাই চোন
ফাগুন যে কিমান যে চঞ্চল
তথাপিও ফাগুন হৈ নাহিবা মাথোঁ ।

✍️দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)