মোৰ সোণালী ধাননি পথাৰ-দিৱ্যজ্যোতি মালো

Rinku Rajowar
0
কোনে কয় নেদেখি তোমাক,
         সেউজী ধৰা ধামত।
আছা তুমি চিৰ সেউজ ধাননি,
        পথাৰৰ পাৰে পাৰে।
আছা তুমি চিৰ সেউজ ধাননি
         নৈৰ তীৰে তীৰে।
দিয়া আহি নিতৌ দৰৰ্শন,
      ব'হাগৰ সমীৰণছন্দাত।
গধূলি বেলিৰ দ্যুতিত,
       মোৰ সোণালী ধাননি পথাৰত।
যেতিয়া টোপনিত লাল-কাল খেতিয়ক,
        মাজ নিশাৰ অচেতন সপোনত,
        নিতৌ থাকে সোণালী ধাননি মোহত।
পুৱাৰ শুভ ক্ষণত কিৰণৰ ৰঙা পোহৰত,
        সোণালী ধাননিৰ লগত মোৰ অনন্তৰ মিলন।
এই সোণালী ধাননিক দেখো মই,
             চʼতৰ শেষত।

✍️দিৱ্যজ্যোতি মালো
ঠিকনা: মালিবাৰী সত্ৰ,বকো,        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)