হাতেৰে সৰকা সুখবোৰ-জ্যোতিস্মিতা বৰা

©Admin
0
বজাৰ খনৰ ফুটপাথৰ দাঁতিতেই কেইবাজনো ভিক্ষাৰীক একেলগে বহাইলৈ সাংবাদিক দুজনমানে ভিডিঅ' কৰি আছে। চালো, কিবা খোৱা বস্তু দিছে। 
হঠাৎ হোৱা - দুৱা লগাত চালো চহৰৰ ধ্বনি ব্যৱসায়ী পল্লৱ ফুকনৰ গাড়ীয়ে এজন বৃদ্ধ মানুহক খুন্দিয়ালে। মানুহজন ঠাইতে বাগৰি পৰিছে। লগালগ সাংবাদিক কেইজনৰ ফালে চালো অথনি ৰৈ থকা ঠাইত এজনো নাই। আৰে ক'ত গ'ল? মিনিটৰ কাঁটা ডাল সম্পূৰ্ণ ঘূৰিলে নে নাই নাজানো সাংবাদিক কেইজন নোহোৱা হ'ল। ইতিমধ্যে পুলিচ আহি পাইছিল সেইখিনিত । কিবা - কিবি কথা পাতিছে। বৃদ্ধ মানুহজনক ১০৮ ত লৈ যোৱা হ'ল। মানুহবোৰ নিজৰ মাজতে ব্যস্ত হৈ থাকোঁতেই দেখিলোঁ, পুলিচ অধীক্ষক জনৰ অথনি চেপেটা হৈ থকা পিছ জেপটোত কোনো বস্তুৰে ভৰি আছে । পুলিচ কেইজন গাড়ী ঘূৰাই গুছি গ'ল , মিষ্টাৰ ফুকনো গুছি গ'ল বাকী মানুহবোৰে সেইখিনিতে ৰৈ পেকপেকাই থাকিল।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)