বিশ্ব বিখ্যাত ও দুষ্পাপ্য এশিঙীয়া গড়ৰ বাবে প্ৰতি বছৰেই কাজিৰঙালৈ অনেক দেশী-বিদেশী পৰ্যটকৰ আগমণ ঘটে । সেয়ে চহৰৰ ব্যস্ততাপূৰ্ণ জীৱন তথা কোলাহলৰ পৰা সাময়িক সকাহ লোৱাৰ উদ্দেশ্যে ক্ষন্তেক অৰণ্যত কটোৱাৰ বাবে মোৰ ল'ৰা ৰিম্পু আৰু তেওঁৰ বন্ধু প্ৰিয়ানুজে দুয়োৰে পিতৃ-মাতৃৰ সৈতে কাজিৰঙাত ফুৰাৰ বাবে যোজা কৰিছিল । এই যাত্ৰাত আমাৰ লগত আন এটা পৰিয়ালোঁ গৈছিল । সেয়ে আটাইয়ে মিলি ২৮ ডিচেম্বৰ/২৩ তাৰিখে পুৱাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছিলোঁ । ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানত ফুৰাৰ বাবে দুৰাতি থাকিবলৈ আগতীয়াকৈ হোটেল বন্দৱস্ত কৰা হৈছিল আৰু প্ৰায় ১১-৩০ মান বজাত আহি আমি হোটেলত উপস্থিত হৈছিলোঁ । ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিবলৈ হ'লে দুটা উপায় আছে । তাৰে এটা হৈছে, জীপ চাফাৰী আৰু আনটো হৈছে, হাতী চাফাৰী । প্ৰথমতে হাতী চাফাৰীৰ বন্দৱস্ত কৰিবৰ বাবে চেষ্টা কৰিছিলোঁ যদিও ইতিমধ্যে সকলো হাতী বন্দৱস্ত হৈ যোৱাত জীপেৰে যোৱাৰ বাবে সিদ্ধান্ত লৈছিলোঁ । বৰ্তমান সময়ত হাতী চাফাৰী কৰিবলৈ হ'লে বহু আগতেই বন্দৱস্ত কৰিব লাগে । তথাপি আন এদিনৰ বাবে কেৱল আমাৰ পৰিয়ালটোৰ বাবে দেৰিকৈ হাতী চাফাৰীৰ বাবে বন্দৱস্ত কৰিছিলোঁ । আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত প্ৰৱেশ কৰিবলৈ উদ্যানখনক ৪ টা ৰেঞ্জত বিভক্ত কৰা হৈছে । পূৱ অংশ অগৰাতলি ৰেঞ্জ , মধ্য অংশ সামৰি লোৱা কহৰা ৰেঞ্জ , পশ্চিম অংশ বাগৰি ৰেঞ্জ(সৰ্বাধিক ঘনত্ব থকা গড় ) আৰু বুঢ়া পাহাৰ ৰেঞ্জে অতিৰিক্ত অংশ সামৰি লৈছে । যথা সময়ত উদ্যানত ফুৰিবলৈ যোৱা গাড়ী আহি পোৱাত তিনিওটা পৰিয়ালে দুখন গাড়ীত উঠি প্ৰায় ১২ কি.মি. দূৰত্বত অৱস্থিত বাগৰি গেটেৰে আমাৰ গাড়ী কেইখন অগ্ৰসৰ হৈছিল । ক্ৰমাৎ আগুৱাই যোৱাৰ লগে লগে শাৰী শাৰী জীপত নিৰাপত্তাৰক্ষীয়ে পৰ্যটকসকলৰ বেগ পৰীক্ষা কৰিছিল তাৰ পিছত এখন এখনকৈ গাড়ী যাব দিছিল । প্ৰথম অৱস্থাত মুকলি পথাৰৰ মাজেৰে যোৱাত পথৰ দুয়োকাষে দুই এটা গড় চকুত পৰিছিল। ক্ৰমান্বয়ে আগুৱাই যোৱাৰ লগে লগেই শিং নথকা পহু ,বোকাৰ মাজত আৱদ্ধ গড় আৰু জলাশয়সমুহত বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা গৈছিল । তদুপৰি বিভিন্ন প্ৰজাতিৰ চাইবেৰীয়া অঞ্চলৰ পৰা অহা জাক জাক পৰিভ্ৰমী চৰাইয়ে বিলসমুহত শোভা বঢ়াইছিল । ইয়াৰ পিছত প্ৰকাণ্ড শিঙৰ এজাক পহুও দেখিবলৈ পাইছিলোঁ । আমাৰ গাড়ী-চালকজনে এই জীৱ-জন্তুবোৰৰ বিভিন্ন প্ৰজাতিৰ নাম আৰু কোন সময়ত এই জীৱ-জন্তুবোৰ বেছিকৈ দেখিবলৈ পোৱা যায়, ইয়াৰ স্থানীয় নাম, ইংৰাজীত কি কয় ইত্যাদি সুন্দৰভাৱে বুজাই দিছিল । ইয়াৰ মাজে মাজে পানী জুৱলীত বনৰীয়া ম'হে জলকেলি কৰি থকা দেখা পাইছিলোঁ । অৱশ্যে বাঘৰ চাল-চলন তেনেকৈ চকুত পৰা নাছিল । এটা কথা লক্ষ্য কৰিছিলোঁ যে এই জীৱ-জন্তুবোৰে মানুহৰ সান্নিধ্যত থকাৰ বাবে আমনি নকৰিলে কোনো ধৰণৰ অপকাৰ কৰা নাছিল । যিকোনো ঠাইত চৰি ফুৰা হৰিণাবোৰ দেখিলে মনত এনে ভাব হয় যেন এইবোৰ আচলতে বনৰীয়া জীৱ-জন্তু নহয়হে । সেয়ে ঘৰৰ পৰা আঁতৰি এটা সম্পূৰ্ণ বিপৰীত পৰিবেশত বন্য জীৱ-জন্তুৰ মাজত থাকিবলৈ পাই মনটো সচাঁকৈয়ে বৰ ভাল লাগিছিল । এনেদৰে গৈ থকাৰ পিছত এটা সময়ত এটা ডাঙৰ ভিউ পইণ্ট পাইছিলোঁ য'ত যথেষ্ট সংখ্যক পৰ্যটকে নিজৰ পৰিয়াল তথা চৌপাশৰ ফটো তোলাত ব্যস্ত আছিল । সেয়ে আমিও কেইখন ফটো তুলি ঘূৰি অহাৰ সিদ্ধান্ত লৈছিলোঁ। হোটেললৈ ঘূৰি অহাৰ পথত হাতীখুলি চাহ-বাগিছাৰ চিকিৎসক মোৰ ভনী জোৱাই ডাঃ ৰঞ্জন গোস্বামীৰ ঘৰলৈ এপাক মাৰিছিলোঁ ।
পিছদিনা ৰাতিপুৱা ২৭ কি.মি. দূৰত অৱস্থিত অগৰাতলি ৰেঞ্জেৰে আমাৰ গাড়ী অগ্ৰসৰ হৈছিল । এই যাত্ৰাটো আগৰ দৰেই একে আছিল যদিও ইয়াত বিভিন্ন দেশী-বিদেশী চৰাইৰ পয়োভৰ বেছিকৈ দেখা গৈছিল । বিশেষকৈ জাক জাক পৰিভ্ৰমী চৰাইবোৰে মুক্ত মনেৰে বিলৰ পানীত অথবা মাটিত থকাৰ দৃশ্যই পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছিল । আমাৰ গাড়ী-চালকে তাত দেখা পোৱা বিভিন্ন প্ৰজাতিৰ চৰাইবোৰৰ নাম কৈ গৈছিল । তেওঁ কৈছিল যে পৰ্যটকসকলৰ ভিতৰত বিশেষকৈ বিদেশী পৰ্যটকসকলে অলপো হাই-উৰুমি নকৰাকৈ এই চৰাইবোৰ আৰু অন্যান্য পশু-পক্ষীৰ ফটো তোলাত ব্যস্ত থাকে । অৱশ্যে পিছৰবাৰো বাঘৰ উপস্থিতি পৰিলক্ষিত নহ'ল । গাড়ী-চালকে কোৱামতে বাঘ সাধাৰণতে সন্ধিয়া ৪/৫ মান বজাতহে পোৱা যায় । দিনৰ ভাগত তেনেকৈ দেখা পোৱা নাযায় । বাঘ সচৰাচৰ কিছুমান নিদিষ্ট অঞ্চলতহে অহা-যোৱা কৰা দেখা যায় । সেয়ে বহুলোকে বাঘ চাবলৈ খাপ পিটি থাকে । কিন্তু সদায় বাঘ চাবলৈ পাব বুলিও আশা কৰিব নোৱাৰি ।ইয়াৰ বাবে কেতিয়াবা এসপ্তাহ বা ১০ দিন পৰ্যন্ত অপেক্ষা কৰিব লগা হয় । কিছুমান বিদেশী টিভি চেনেলৰ ফটোগ্ৰাফাৰসকলে বহু কষ্ট কৰি বাঘৰ ফটো সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে । এইদৰে প্ৰায় দুঘণ্টামান ফুৰি পুনৰ হোটেললৈ ঘূৰি আহিছিলোঁ
।
হোটেলত কিছু সময় থাকি পুনৰ আটাইয়ে অখিল গগৈৰ অৰ্কিডৰ উদ্যানলৈ গৈছিলোঁ । এইখন আচলতে কেৱল অৰ্কিডৰ উদ্যানয়েই নহয় ,ইয়াৰ লগত জড়িত হৈ আছে অসমৰ বিভিন্ন জাতি-উপজাতিৰ সংস্কৃতি । ইয়াত অসমৰ বিভিন্ন জাতি-উপজাতিৰ সাঁজপাৰ,কুটিৰ শিল্পৰ সংগ্ৰহালয় ,বনৌষধি আৰু সেইবিলাক পৰ্যটকক ভালদৰে বুজাই দিবলৈ যথেষ্ট সংখ্যক লোকক নিযুক্ত কৰা হৈছে । ইয়াৰ ফলত বহু নিৱনুৱা যুৱক-যুৱতীয়ে সংস্থাপনৰ সুবিধা পাইছে আৰু প্ৰায় আটাইখিনিয়েই খিলঞ্জীয়া লোক । আচলতে ভালদৰে গোটেইখিনি নিৰীক্ষণ কৰিবলৈ হ'লে গোটেই দিনটোৰ প্ৰয়োজন হয়।
অৰ্কিড উদ্যানৰ পৰা ঘূৰি আহি পুনৰ মধ্য অংশ সামৰি লোৱা কঁহৰা ৰেঞ্জেৰে অভয়াৰণ্যৰ মাজলৈ সোমাই গৈছিলোঁ । কিছু দূৰ যোৱাৰ পিছত এটা ঘৰৰ সন্মুখত তিনিটা গড়সহ তিনিজন নিৰাপত্তাৰক্ষীৰ মূৰ্ত্তি দেখা পাইছিলোঁ । আমাৰ গাড়ী চালকে জনাইছিল যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে মজুত থকা ২৪৭৯ টা গড়ৰ খৰ্গ জুইৰ শিখাত জাপি দি সংগ্ৰহ কৰা ছাইৰ সহায়ত অসমৰ গড়ক নিস্বাৰ্থভাৱে ৰক্ষা কৰাসকলৰ প্ৰচেষ্টাক অমৰ কৰি এই তিনিটা গড় সৃষ্টি কৰা হৈছিল । এই কথা তাত থকা ফলকত উল্লেখ আছিল।
ইয়াৰ পিছত আমি আগুৱাই গৈ আছিলোঁ । পথৰ কাষত ঠায়ে ঠায়ে হৰিণ, গড়, বান্দৰ, বনৰীয়া গাহৰি, বনৰীয়া ম'হ আৰু ঈগল, তেলিয়াসাৰেং ,কণামুচৰি ইত্যাদি নানা জীৱ-জন্তু তথা চৰাই-চিৰিকতি , কাছ দেখিবলৈ পোৱা গৈছিল । এইদৰে কিছু দূৰ যোৱাৰ পিছত পথৰ ওপৰত হঠাৎ এটা বনৰীয়া ম'হ দেখিবলৈ পাইছিলোঁ । প্ৰকাণ্ড শিঙৰ ম'হটো দেখি প্ৰথম অৱস্থাত অলপ ভয় লাগিছিল আৰু লগে লগেই গৈ থকা জীপসমূহ অলপ আঁতৰত ৰখাই দি দূৰৰ পৰাই ম'হটো নিৰীক্ষণ কৰি আছিল । প্ৰায় ১০ মিনিটমানৰ পিছত ম'হটো পথটো পাৰ হৈ গুচি গৈছিল । ইয়াৰ পিছত আমি কহৰাত থকা সম্পৰ্কীয় দাদা এজনৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ । তেখেতেই আমাৰ পৰিয়ালটোৰ বাবে পিছদিনা হাতী চাফাৰী কৰিবলৈ সুবিধা কৰি দিছিল ।
তৃতীয় দিনা অৰ্থাৎ ৩০ ডিচেম্বৰ তাৰিখে ৰাতিপুৱাই হাতী চাফাৰীৰ বাবে বাগৰি ৰেঞ্জত উপস্থিত হৈছিলোঁ আৰু টিকট কাটি হাতীত উঠিবলৈ সাজু হৈছিলোঁ । বাগৰি ৰেঞ্জত মুঠ ৩৫ টা হাতী আছে আৰু এই হাতীত উঠিবলৈ যথেষ্ট সংখ্যক মানুহ গোট খাইছিল । হাতীত উঠিলে অতি ওচৰৰ পৰাই গড় চাব পাৰি । সেয়ে গড় চোৱাৰ লগে লগে হাতীত উঠাৰ অভিজ্ঞতাও হৈছিল ।ইয়াৰ পিছত গোটেই কেইটা পৰিয়াল মিলি ওচৰতে থকা কাকগোঁসনী থানলৈ গৈছিলোঁ আৰু তাৰ পিছতে আমি ঘৰলৈ ঘূৰি আহিছিলোঁ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ